এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
কিয় জ্বলে আজি অগনি কনা।।
নগা ভনী অসমী আইক
বাৰে বাৰে কৰে আক্ৰমন।
বেদখল কাৰি অগনি জ্বালি
ক’ত নিৰিহৰ ল’লে প্ৰাণ॥
আপাতনী ভনী আইৰ বুকুত
বহুৱাব খোজে সিমাৰ খুটি।
ভনীহতৰ এনে ব্যৱহাৰত
আইৰ বুকু যায় ফুটি॥
আইৰ বুকুত উদন্দ পুত্ৰৰ
আগ্নেয় অস্ত্ৰৰ জন-জননী।
নিৰিহৰ তেজেৰে হোলী খেলে
ৰক্তে ৰঞ্জিত আৰি চকুমনি॥
অসমী আইৰ অসমীয়া পুত্ৰৰ
দুৰ্গতিৰ সীমা নহোৱা হ’ল॥
শস্য শ্যামলা আইৰ বুকুত
বিদেশীৰে আজি ভৰি গ’ল॥
অসমৰ ক’ত চৰণীয়া পথাৰ
আজি গৰু চৰাবলৈ নাই ঠাই।
কোনে আনিলে কোনে থাপিলে
তাৰ হিচাব লওঁতা নাই॥
৭৩