এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
ভালপোৱা অসমীয়া।
অসমীয়া ভাষাৰ অস্তিত্ব ক’ত? আছে?
ভালদৰে ফহিয়াই চাই
নতুন প্ৰজন্মক
উত্তৰ দিয়া॥
আছেনে অসমীয়া ভাষা জীয়াই
হৈছেনে ব্যৱহাৰ অসমীয়া ভাষা
প্ৰতি অসমীয়াৰ
ঘৰে ঘৰে।
উত্তৰ পুৰুষৰ প্ৰশ্ন এইয়া
স্বাধীনতাৰ জয় গান গোৱা
পৰৰ বোকোচাত উঠি, স্বাধীনতাৰ পতাকা উত্তোলন কৰা
জয় গান দেখো ইংৰাজৰে॥
সময় আহিল
কিহক লৈ অসমীয়া ভাষা সাহিত্যৰ গৌৰব,
সকলোতে দেখো ইংৰাজৰ ইংৰাজী
অসমীয়া ভাষা ক’ত?
মিছা-স্বাধীনতাৰ
অভিনয় কৰি ইংৰাজৰ জয়গান গাই
অস্তিত্বহীন, বিলুপ্তিৰ পথত,
অসমীয়া ভাষা
অসমত॥
৭১