এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
উপাধি সন্মিলন
লুইতৰ পাৰত লাচিতৰ চোতালত
বহিব উপাধি সন্মিলন।
শঙ্কৰ মাধৱৰ কীৰ্ত্তন ঘোষাৰে
ওপৰৰ ৰভাখন॥
চাৰিও ফালে চাৰিটা জাতিৰ
ৰভাৰ চাৰিটা খুতি।
ঐক্যৰ জৰীৰে বৰ সযতনে
ৰভাখন থৈছে যুটি॥
কনকলতা মুলাগাভৰুই
সাৰিছে ৰভাৰ তল।
জয়া বেউলাই পানী চতিয়াই
পবিত্ৰ কৰিছে থল॥
কুশল কোঁৱৰ মনিৰামহঁতে
ফুৰিছে সকলোকে মাতি।
ৰঞ্জীত বৰপূজাৰী অনিল বড়াই
প্ৰতিবেদন লিখিছে খাতি॥
আজান ফকিৰৰ জিকিৰৰ ধ্বনিৰে
হ'ব আৰম্ভ সভাৰ কাম।
১