এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
গৈ লৰি ধাপৰি॥
জন্তুবোৰে শিয়ালৰ মুখে
এই ভাল খবৰ পাই।
সকলোৱে ধাপলি মেলিলে
কাৰো দুখ ভাগৰ নাই॥
শহা, এন্দুৰ, কেৰ্কেতুৱা
বান্দৰকো আনিলে মাতি।
মানাহ আৰু গাঁওৰ বোৰকো
আনাগৈ সকলোকে খাতি॥
কথা শুনি তিনিও জন
খবৰ দিবলৈ গ’ল।
ওচৰত থকা জন্তুবোৰ
সভাত উপস্থিত হ’ল॥
হাতী আহিল জাকে জাকে
ঘোৰা আহিল লৰি।
ভালুক আহিল ৰং মনেৰে
লচৌ পচৌ কৰি॥
বাঘ আহিল নানান বিধৰ
জেবাৰা আহিল পাল।
জিৰাফ আহিল গ’ল দীঘল
ভাঙি খাই গছৰ ডাল॥
৫১