এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
ইউনিভাৰ্ৰচিটি, স্কুল, কলেজ
ডাক্তৰ, কবিৰাজ, হোমিও, বেজ॥
মঠ মন্দিৰ গিৰ্জা ঘৰ
শুৱনি পাৰ্কবোৰ চহৰৰ।
উৰা, পিন্ধাত ভাল চকিনবৰ।
ৰাতিৰ গুৱাহাটী ভয়ঙ্কৰ॥
যুৱতী মদ খাই মাতাল হৈ
ঘুৰি ফুৰে নিশা দুপৰলৈ॥
ধৰে পুলিচে নি দিয়ে এৰি
বৰ মানুহৰ দাদাগিৰী॥
ধৰ্ণা অনশণ আন্দোলন।
গৰম হৈ থাকে দিচপুৰ খন।।
নতুন জুমুঠি পুৰণি মাটি।
দিচপুৰত আকৌ পাতিছে ঘাতি॥
হে দিচপুৰ সাবধান হোৱা
পুৰণি মাটি আতৰায় থোৱা॥
আবৰ্জনা পেলোৱা দুৰলৈ।
গুৱাহাটী গঢ়া নতুন কৈ।।
৪৮