সমললৈ যাওক

পৃষ্ঠা:Sarapat.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

তথাপি মানুহে ভুলেই কৰে॥
নাৰী ধৰ্ষণ দিনে ৰাতি।
অপহৰণ কাৰিৰ ঘাটি॥
লগুৱাটো বিশ্বাস নাই।
গৃহস্থক লুটি পুটি খাই॥
চহৰৰ নতুন মানুহবোৰ।
চিনচাব নাই মৰমৰ
ৰাষ্টাত কোনাবা পৰিমৰে।
কেইজনে বাৰু তুলি ধৰে॥
মানবতাৰ আওঁ মৰণ।
প্ৰতিক গুৱাহাটী চহৰ খন॥
সন্ত্ৰাসবাদীৰ ঠাই ভাৰাঘৰ
দ্ৰাগমাফিয়াৰ ধনৰ সৰোবৰ॥
একৰ পৰা ধৰা দহলৈ।
মানুহ মৰে সদায় দুৰ্ঘটনা হৈ॥
বজাৰত বস্তুৰ জুই চাই দাম
শুনিব নোখোজে অতিথিৰ নাম।।
সকলো জাতিৰ মিলনৰ ঠাই।
সকলো ভাষা ভাষি ইয়াতে পাই॥

৪৫