এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
| তাকে বোলে চাৰ অসমীয়া | |||
| শিক্ষক | — | বেচ বেচ অতি সুন্দৰ। | |
| সচাকৈ শুদ্ধ তোমাৰ উত্তৰ॥ |
| প্ৰশ্ন নং- ২ | |||
| শিক্ষক | — | হলিৰাম বাৰু তুমি ঠিয় হোৱা। | |
| অসমীয়া নাৰীৰ বিষয়ে কি জানা কোৱা॥ | |||
| ছাত্ৰ | — | চাৰ অসমীয়া নাৰী জাতি। | |
| স্বামীৰ লগত কৰে হতা-হতি॥ | |||
| অলপ কথাত কাজিয়া লগাই। | |||
| গিৰীয়েক নহ'লে চিনেমালৈ যায়॥ | |||
| পিন্ধা-উৰাত সদায় আধুনিক। | |||
| ওঠত লগাই চাৰ লিপষ্টিক | |||
| কপালৰ ফোট, শিৰৰ সেন্দুৰ। | |||
| তেওঁলোকে চাৰ কৰিলে দুৰ॥ | |||
| হাতৰ গলৰ সকলো থলে খুলি। | |||
| গিৰীয়েকক মাতে তুমি বুলি॥ | |||
| চাকৰক ভাবে চাৰ কুকুৰ হেন। | |||
| সুধিলে কোনোবাই কয় চাৰভেন্ট॥ | |||
| ছোৱালীক শিকাই মডাৰ্ণ আৰ্ট। | |||
| পিন্ধাই লংপেন্ট পিন্ধাই স্কাৰ্ট॥ | |||
| চিয়াৰত নবহিলে নুজুৰাই মন। |
৪২