সমললৈ যাওক

পৃষ্ঠা:Sarapat.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

পঢ়াশালি (১)

প্ৰশ্ন নং-১
শিক্ষক — হাতৰ কিতাপবোৰ থোৱা।
অসমীয়া কাক বোলে কোৱা॥
ছাত্ৰ — ছাৰ, এলেহুৱা আতাইতকৈ।
শুৱে সদায় দেৰি লৈ
শতকৰা নবৈটা মিচা কয়।
সচা কবলৈ কৰে ভয়॥
কথাই কথাই কাজিয়া কৰে।
পৰৰ ভাল দেখি জ্বলি মৰে॥
পিন্ধা উৰাত ভালতো লাগে।
জুৱা খেলাই দাগে দাগে॥
আৰ্জি খোৱাৰ খুম নাই।
বাপেকৰ দিনৰ সম্পত্তি যায়॥
কামৰ সময়ত গাত জ্বৰ।
খোৱাৰ সময়ত তিৰোতাক চৰ॥
দোকানে দোকানে আদ্দা দিয়ে।
নিশা বাৰ বজাত ঘৰ সোমাই যিয়ে।
মদ, ভাং চিগাৰেত সকলো খাই।
নিটো নতুন ৰাষ্টাৰে যায়॥
পৰৰ দুখত যাৰ কান্দে হিয়া
৪১