ওজাপালি শিল্পী শ্ৰীপ্ৰভাত হালৈৰ দ্বাৰা ৰচিত “সৰাপাত” নামৰ কবিতা পুথিখনৰ হাতে লিখা পাণ্ডুলিপিটো পঢ়িবলৈ পাই সুখী হলোঁ। আলোচ্যমান পুথিখনত বিভিন্ন ভাবৰ বিষয়বস্তু সম্বলিত বিভিন্ন শিৰোনামৰ উনৈশটা কবিতা সন্নিবিষ্ট হৈছে। কবিতাবোৰৰ নাম, বিষয়বস্তু আৰু তাৰ বৰ্ণনা ব্যতিক্ৰম ধৰ্মী। কিছুমান কবিতা ব্যঙ্গাত্মক ভাবৰ আৰু কথোপকথন ভঙ্গিৰ ছান্দিক তথা কাব্যিক ৰূপৰ কথাকবিতা সদৃশ
“উপাধি সন্মিলন” নামৰ কবিতাটোৰে গ্ৰন্থখন আৰম্ভ কৰি “পোকৰ সমাবেশ” নামৰ কবিতাটোৰে সমাপ্তি ঘটাইছে। পুথিখনত উপাধি সন্মিলন, লোকেল মাছৰ সভা, ঢেঁকীৰ চকুলো, আলু-কচুৰ মেল, গৰুৰ মেল, সম্পাদকীয়, গছৰ ধৰ্ণা, নিষ্পেশিত ধান প্ৰজাতি, চৰাইৰ মহাসভা, পঢ়াশালি প্ৰশ্ন ১, পঢ়াশালি প্ৰশ্ন ২, জ্যেষ্ঠ নাগৰিক, ৰাজধানী, জন্তুৰ অভিৱৰ্তন, ঘৰৰ সজুলি, খেতিৰ সজুলি, স্বাধীনতা, আই মোৰ, পোকৰ সমাবেশ- এই উনৈশটা কবিতা আছে।
কবিয়ে কবিতাবোৰ মিত্ৰাক্ষৰী ছন্দত ৰচনা কৰিছে যদিও কোনো কোনো কবিতাৰ ছন্দ পতন ঘটিছে। সেইবুলি কবিতাবোৰ অপঠনীয় হোৱা নাই। সাধাৰণ অথচ গুৰুত্বপূৰ্ণ বিষয়বস্তুক লৈ সহজ-সৰল ভাষাত লিখা কবিতাবোৰৰ মাজেৰে কবিৰ নিজ দেশৰ জাতি, মাটি, ভেটিৰ প্ৰতি থকা আত্মীয়তা তথা দেশ আৰু জাতিৰ প্ৰতি থকা ভালপোৱা ভাব প্ৰকাশ পাইছে। অসমীয়া জাতিৰ পুৰণা কৃষ্টি-সংস্কৃতি অটুট ৰখাৰ এক মনোভাব কবিতাবোৰৰ মাজেৰে প্ৰতিভাত হৈছে। কবিতাবোৰৰ মাজেৰে কবিৰ হৃদয়ত অনুভূত ভাব-অনুভূতিৰ স্পষ্ট প্ৰকাশ ঘটিছে। অৰ্দ্ধ শিক্ষিত এচাম অসমীয়া মানুহে যে নিজৰ চিৰকলীয়া ভাষা, সংস্কৃতি বেয়া বুলি হীনমন্যতাত ভুগী তাক বাদ দিয়াৰ মনোভাবেৰে আনৰ ভাষা সংস্কৃতি ভাল বুলি তাৰ প্ৰতি অন্ধ ভাবে আকৃষ্ট হৈছে -কবিতাবোৰৰ মাজেৰে সেই ভাবো প্ৰকাশিত হৈছে। কবিয়ে ভৱিষ্যতলৈও কাব্য চৰ্চ্চা অব্যাহত ৰাখিলে অসমীয়া সাহিত্য জগতত এগৰাকী কবি হিচাপে পৰিচিত হবলৈ সক্ষম হব। পুথিখন প্ৰকাশ হ'লে সুহৃদয় পাঠক সমাজে সাদৰে ইয়াক আদৰি লব বুলি কামনা কৰি, কবি গৰাকীলৈ শুভেচ্ছা জনালোঁ।
ড° প্ৰমোদ হালৈ
প্ৰাক্তন অধ্যক্ষ, কামৰূপ মহাবিদ্যালয়, চামতা,
প্ৰাক্তন সভাপতি, নলবাৰী জিলা সাহিত্য সভা
৩০/১০/২০১৬ ইং