এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
এনেতে এটি বুঢ়া হালোৱাই
কাষত হ’লেহি ঠিয়।
কি হে মাহী ঘাহ খাব এৰি
শুই আছানো কিয়॥
কান জোকাৰী বুঢ়ি গাইজনী
হালোৱাক লগালে মাত।
ঘুৰোতে ঘুৰোতে ভাগৰ লাগিছে
জিৰাইছো গছৰ চাত॥
ৰাতি পুৱাতে গিৰিহতে আনি
ইয়াত খুটি মাৰি ঠৈ গ’ল
এতিয়ালৈ এটোপ পানীও নিদিয়ে
ইমান বেলী হৈ গ’ল
দেহতো মোৰ শকতি নাই
বয়সত হৈছো বুঢ়া
নেজানো কেনেকৈ জিয়াই থাকিম
কামুৰি দুৱৰীৰ মুৰা॥
হালোৱাই ক’লে গাইজনীক চাই
দুখ নকৰিবা মাহী।
দানা পানী যোগাৰ কৰি
এতিয়াই নিব আহি॥
হুমনীয়াহ কাঢ়ি ক’লে গাইজনী
১৭