এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
কব লগাহে আছে
যি সোপাহে সাৰ ধালেহি
তিতা লাগি যায় পাছে॥
কোমোৰাই বোলে মোৰটো আৰু
ৰবৰেই উপাই নাই।
টিঙৰ চালত উঠাই দিলে যে
দেহা-দেই পুৰি যায়॥
ভাত কেৰেলাই বোলো মোকতো
সকলোৱেই জানে।
সাৰ গোৱৰ একো নিদিয়ে
চিঙে আৰু আনে॥
উৰহি-বেঙেনাই মাত লগালে
আমাৰো হৈছে ভয়।
কচু, ধেকীয়াই মাত লগালে
আমাৰ হ’লে একো নাই।
আদৰো নাই যত্নওঁ নাই
কম পইছাতেই পাই॥
ধন্দুলী বোলে আজিৰ বাবে
মিটিং সামৰি থোৱা।
দোকান দাৰ উপস্থিত হৈছে
১৫