এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
সভাপতি হৈ ৰঙালাউটোৱে
লগালে এসাৰ মাত।
আমি নহ’লে মানুহবোৰে
খাব নোৱাৰে ভাত॥
আলুই ক’লে ধিৰ কন্ঠস্বৰে
সভাপতিলৈ চাই।
খেতিয়ক সকলৰ অত্যচাৰত মোৰ
নাম নষ্ট হৈ যায়॥
যধে মধে আনি সাৰ ধালিছে
বেচি ফল পাবৰ মনে।
নিজৰ গোন্ধ মই নিজেই পাইছো
মোকনো খাব কোনে॥
হঠাৎ সভাসদ উচ্প খাই উঠিল
তিতা কেৰেলাৰ মাতত।
সকলোৰে বোলে গেষ্টিক বেমাৰ
কোনেওঁ নলই পাতত॥
চজিনাই বোলে মোৰ কিন্তু
কোনো কথা নাই।
বছৰে বছৰে মোৰ কিন্তু
দাম বাঢ়িহে যায়॥
মুলাই বোলে মোৰো অলপ
১৪