সমললৈ যাওক

পৃষ্ঠা:Sarapat.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

 মনৰ হেপাহতে খাই॥
খাদ্যত যেতিয়া  খাদ্য সাৰ নেথাকে
 দেহত নেথাকে তেজ।
পুষ্টি হিনতা  ৰোগে ধৰিলেহে
 তেতিয়াহে লাগে বেজ॥


আলু কচুৰ মেল

 

এদিন দুপৰীয়া  প্ৰখৰ ৰদত
 বজাৰত কোনোৱে নাই।
আলু, কচুই  মিটিং পাতিছে
 সেই সুবিধাকন পাই॥
আলু, কচু  বেঙেনা, পটল
 জিকা, কোমোৰা, লাউ।
বিলাহী, বেঙেনা  তিতা কেৰেলা
 নিলেজী যাৰ নাউ॥
আদা, পিয়াজে  ঢেকীয়াক ক’লে
 মিটিঙলৈ যাও ব’লা।
ভাত কেৰেলাই  মৰিচাক ক’লে
 তইয়ো এবাৰ ওলা॥

১৩