এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
গোৱালা, কুৰ্মী হুচেইন, শইকীয়া
আহিল খান, চিকদাৰ।
চৌধুৰী, চহৰীয়া ৰয়, বৰবড়া, সেনডেকা
তহবিলদাৰ, মুদিয়াৰ॥
বুঢ়াগোঁহাই পানী ফুকন, ধৰ
আৰু চাং কাকতী।
বৰপাত্ৰগোহাই চেতিয়া, ফুকন
যায় আনন্দেৰে অতি॥
চাউদাং বৰুৱা ঢেকীয়াল ফুকন
আৰু ওলাল ডেকা ৰজা।
মিলিব সকলে ৰভাৰ তলত
কেনেনো হব মজা॥
গগৈ, চুতীয়া সুত, মৰান, মহন্ত
খাৰঘৰীয়া, সন্দিকৈ
নেওঁগ, চমুৱা কুকুৰ চোৱা মিলি
সন্মিলন ওলাব গৈ॥
সিংহ, পাচনী পুৰকায়স্থ
মালিক, চক্ৰবৰ্ত্তী, সুত, গলত
যথা সময়ত মিলিল আহি
একতাৰ ৰভাৰ তলত॥
৪