পৃষ্ঠা:Sarapahi.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

ডেকা জীৱন  বুঢ়া কৰিলে
 ৰাইজক আকোৱালী লৈ॥
কৌতুক তেওঁৰ  চিৰ লগৰী
 সীমাৰ মাজত থাকি।
অশালিন মাত  বৰ্জিত তেওঁ
 কই শ্নীলতা ৰাখি॥
অতীত কামৰূপৰ  যত ওজাপালী
 তেওঁক গুৰু বুলি মানে।
সৎ নিস্বাৰ্থ  ৰাইজৰ সেৱক
 বিষ্ণুক সকলোৱে জানে॥
কৃষ্টিৰ মাজতে  স্বাধীনতাৰ বাবে
 ইংৰাজ খেদা আন্দোলন।
তাতো বিষ্ণুই  গাই ফুৰিছিল
 বন্দে মাতৰম গান॥
গোটেই অসম  ঘুৰি ফুৰিছিল
 মুখত মিচিকিয়া হাহি।
কৃষ্টিৰ পথাৰত  সৰি পৰি যোৱা
 এটি মৰহা ফুলৰ পাহী॥

৹৹৹৹

৪৭