পৃষ্ঠা:Sarapahi.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

বিষ্ণু ডাইনাপালী

অসম বিখ্যাত  বিষ্ণু ডাইনাপালি
 এই বিল্বেশ্বৰত ঘৰ।
উজ্বল কৰিলে  গোটেই অসমত
 নাম বেলশৰৰ॥
কৃষ্টি প্ৰধান  ওজাপালীৰ
 মানদণ্ড কৰি উচ্চ।
সমাজক হহুৱাই  জীৱন কটালে
 জীৱন কৰি তুচ্চ॥
নিৰক্ষৰ জন  বিষ্ণু ডাইনাপালি
 উপস্থিত বুদ্ধিত চোকা।
লৌকিক শাস্ত্ৰত  অগাধ পণ্ডিত
 কথাত নাখাই ধোকা॥
নিৰক্ষৰ জনে  গীত মাত ৰচি
 ৰাইজক আনন্দিত কৰে।
দুৰ দৃষ্টি  সম্পনা তেওঁ
 স্বভাৱ অতীতৰে॥
বৰ্ত্তমান সমাজৰ  দোষ গুনবোৰ
 কবলৈ নকৰে ভয়।

৪৬