পৃষ্ঠা:Sarapahi.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

বেলশৰ বাসীক  অসমৰ বুকুত
 কৰি থৈ গ'ল উচ্চ॥
এদিন আহিল  বিষ্ণুৰাভা
 ঘূৰি নানা ঠাই।
চৰকাৰৰ ভয়ত  পলাই পলাই
 নিজক বচাই॥
বেলশৰত আহি  নবিন মেধীৰ
 লগত হল পৰিচয়।
বহুদিন ধৰি  বিষ্ণুৰাভা
 মেধীৰ ঘৰতে ৰল।
বিষ্ণু নবিন  দুয়ো লগ হৈ
 সাধিলে দেশৰ হিত।
মেধী বুজিলে  বিষ্ণু ৰাভাৰ
 দেশ প্ৰেমৰ চিত॥
কন্যা তেওঁৰ  মুগ্ধ হ’ল
 দেখি বিষ্ণুৰ গুন।
কন্যা দানে  কৰে তেওঁ
 বিষ্ণুক আপোন॥
চিৰ জাগ্ৰত  চিৰ বিদ্ৰোহী
 সাধক দেশৰ কাম।
সৰি মৰহা  এপাহী ফুল
 নবিন মেধী নাম॥

০০০

৪৩