পৃষ্ঠা:Sarapahi.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

নবিন মেধী

সমাজ সেৱক  নবিন মেধী
 কমিউনিষ্টৰ নেতা।
ৰাইজৰ সেৱাত  উচৰ্গা কৰিলে
 অমূল্য জীৱন এটা॥
স্বাধীনতা পাই  কংগ্ৰেছ চৰকাৰে
 নিতিক কৰিলে নাই।
সেই দুখতে  নবিন মেধী
 কমিউনিষ্টলৈ যায়॥
ওৰেটো জীৱন  নিকাৰ ভূঞ্জিলে
 কমিউনিষ্ট হৈ
কিমান বাৰ  জেল হাজোতত
 দেহা পচালে গৈ॥
তথাপি নিজৰ  পথ নেৰিলে
 গাদীৰ আশা কৰি।
গোতেই জীৱন  কটাই দিলে
 দৰিদ্ৰ ৰূপ ধৰি॥
নিৰ্ভিক স্পষ্টবাদী  নবিন মেধী
 আছিল কৰ্মবীৰ।
কোনো দিন তেওঁ  চৰকাৰৰ ওচৰত
 নত নকৰিলে শিৰ॥
জন্মভূমিৰ  উন্নতিৰ হ'কে
 নিজক কৰিলে তুচ্চ।

৪২