পৃষ্ঠা:Sarapahi.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

 পুত্ৰৰ চিতা কৰাগৈ নিৰ্মান।
সূৰ্য্যাস্তৰ আগে আগে  পাণ্ডৱ বংশৰ বন্তী
 আজিয়ে হব অবসান॥
ঘৃনিত সুত পুত্ৰক  পুত্ৰ বুলি কবলৈ
 ভাবি জানো নেচালা এবাৰ।
মাতৃ জাতিৰ কলঙ্ক  পাণ্ডৱ জননী তুমি
 সেয়ে তুমি পালা তিৰস্কাৰ॥
নেলাগে কবলৈ আৰু  কৰ্ণৰ শকতি দেখি
 পুত্ৰ বুলি কৰি সম্বোধন।
দ্বিশ্বাৰিণী মাতৃ তুমি  আতৰি যোৱাহে শিঘ্ৰে
 আজি যুদ্ধ মোৰ মৃত্যুপন॥

ধিক্কাৰ

মহাসতী দ্ৰোপদীৰ
বস্ত্ৰ হৰণৰ পৰ্ব
 আৰম্ভ হৈছে সভাৰ মাজত।
মূৰ্খ দুশাসনে

২৫