পৃষ্ঠা:Sarapahi.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

 সিয়ো জানো মাতৃৰ প্ৰতীক
নাহিবা কাষলৈ মোৰ  নেলাগে কৰিব স্নেহ
 তুমি মাতৃ ধিক্‌ শত ধিক্‌॥
আজি যে কৈছাহি তুমি  পাণ্ডৱ মোৰে ভাই
 আগে কিয় নকলা এবাৰ।
সুত পুত্ৰ বুলি মোক  কিয় আজি জগতত
 প্ৰতিজনে কৰে তিৰস্কাৰ॥
কোনে দিলে মোক  কলঙ্ক ভৰা জীৱন
 পাৰিবানে কব এটিবাৰ।
দুৰ্যোধনৰ অন্নে মই  লালিত পালিত আজি
 মাতৃ স্নেহ নেলাগে তোমাৰ॥
কালৰূপে আজি মই  বধিম তোমাৰ পুত্ৰ
 চকুপানী তিতিব হৃদয়।
যেতিয়া কান্দিবা তুমি  পুত্ৰ ব্যথা পাই
 অট্ট হাঁহিৰে হাহিম মই॥
পাণ্ডৱক ৰক্ষাৰ বাবে  কৰি মিচা অভিনয়
 মাতৃ বুলি দিছা পৰিচয়।
শকতি হিন পাণ্ডৱক  ৰক্ষাৰ চাতুৰি কৰি
 কৃষ্ণ বুদ্ধিত আহিছা নিশ্বয়॥
যোৱা যোৱা হে তুমি  পাণ্ডৱ জননী হেৰা

২৪