পৃষ্ঠা:Sarapahi.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

পাহৰি অতিতৰ কথা
 প্ৰেমত জলালা অগনী॥
নহয় প্ৰেমিক দুষ্মন্ত
 প্ৰেমতো নহয় ফুল।
সৰিলে পাহীবোৰ তাৰ
 মৰহি যাব মুল॥

কৰ্ণৰ কতুক্তি

নহোৱা নহোৱা তুমি  কৰ্ণৰ জননী হেৰা
 মই তাক নকৰো স্বিকাৰ।
এনুৱা নিষ্ঠুৰ মাতৃ  আছেনে এই ধৰাত
 পটন্তৰ আছে যানো তাৰ॥
দিছিলা কিয়নো জন্ম  ৰাক্ষসী জননী তুমি
 স্নেহ যদি নাই হৃদয়ত।
আছিল যদি তোমাৰ  কলঙ্কৰ এনে ভয়
 জন্ম কিয় দিয়া অকালত॥
মাতৃ হৈ পুত্ৰক যিয়ে  দিব পাৰে বিসৰ্জন

২৩