পৃষ্ঠা:Sarapahi.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

তথাপি তোমাৰ  মাতৃ হৃদয়ত
 দুখ নেলাগিল আই॥
অযোধ্যাৰ প্ৰজাই  কান্দিছে বিনাই
 ৰামৰ মুখলৈ চাই।
কোন কৰ্মে মই  পাইছিলো সাধি
 ইমান নিষ্ঠুৰ আই॥
মাতৃ হৃদয় যদি  পাপপূৰ্ণ হয়
 কোনে পুজিব মাতৃ।
জগত ব্যাপি আই  কলঙ্ক ৰব
 তুমি ঘৃনাৰ পাত্ৰী॥
মাতৃ হৃদয়ত  পুত্ৰ সৰুবৰ
 নতুবা আপোন পৰ।
সেই মাতৃ হয়  জাতিৰ কলঙ্ক
 শিলা মই অন্তৰৰ॥
নহও ৰজা মই  নেলাগে সিংহাসন
 নেলাগে মুকুত মোক।
দাদা শ্ৰীৰামৰ  খৰম জুৰি
 অযোধ্যাৰ ৰজা হক॥

২০