পৃষ্ঠা:Sarapahi.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

জেষ্ঠ ভ্ৰাতা শ্ৰীৰামক
 পঠালা বনলৈ
বংশৰ প্ৰদীপ শ্ৰীৰাম চন্দ্ৰ
 জ্যেষ্ঠ ভ্ৰাতা মোৰ।
ৰাম অবিহনে গৌৰব ধংশ
 ইক্ষাকু বংশৰ॥
ইমান নিচ মাতৃ হৃদয়
 হব পাৰেনে আই।
কিয় শ্ৰীৰামক পুত্ৰ ৰূপেৰে
 বুকুত নিদিলা ঠাই॥
বুঢ়া কালত পিতৃৰ বুকুত
 অগনি দিলা জালি।
গুচি গ'ল তিনিও জন
 পিতৃ আজ্ঞাপালি॥
মোৰ কৰিবা ৰাজ্য অভিশেষ
 তোমাৰ অভিলাস।
ক্ষুদ্ৰ স্বাৰ্থৰ বাবে তুমি
 কৰিলা সৰ্বনাশ॥
কান্দিছে আকাশে কান্দিছে বতাহে
 কান্দে গছ লতিকাই।

১৯