পৃষ্ঠা:Sarapahi.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাহি
 

কিমান ডেকাৰ  গলিত মৃতদেহ
 সাগৰ বক্ষলৈ নিছ কঢ়িয়াই।
কিমান ধৰ্ষীতাৰ  হিয়াৰ উম ললি
 কচোন এবাৰ তই ৰিঙিয়াই॥
কত গাভৰুৰ  অবৈধ সন্তান
 কোলাত লৈছ আলফুল কৰি।
কত পিতৃ মাতৃৰ  আলাশৰ পুত্ৰক
 চেনেহ কৰিছ বুকু ভৰি॥
পাৰৰ উদ্দানত  ডেকা গাভৰুৰ
 দেখিওঁ অবৈধ প্ৰেমৰ খেলা।
নিৰবে নিৰবে  দৃষ্টিহিন হৈ
 চাইচ তই পাপৰ মেলা॥
ইমান অন্যায়  ইমান অত্যাচাৰ
 দেখিও তই নেমাত মাত।
হে বুঢ়া লুইত  প্ৰতিবাদ কৰিবলৈ
 নাইনে শকতি তোৰ গাত?
নকও কিয়  চিঞৰি চিঞৰি
 সিহতে যে সুধিছে তোক।
জাগ্ৰত প্ৰহৰী  হৈয়ো তই
 উত্তৰ নিদিয় সিহতঁক॥