কৈ পুতেকক বুজাবলৈ চেষ্টা কৰিলে,--“জানিয়া ভীষ্মকে তনয়ৰ অভিপ্ৰাই। ৰুক্মিৰ বচন বাধিবাক শক্য নাই। আগ পাছ চিনা ৰাজা বুলিলা বিস্তৰ। মাধৱক তই বাপ বিৰোধ নকৰ। চৰাচৰ গুৰু হৰি জগতৰ বাপ। তাহাঙ্ক নিন্দিয়া কেনে চপাৱস পাপ। কৃষ্ণক বিৰোধ কৰি না পাইবি কল্যান। মোহোৰ বাক্যক বেদ বাক্য হেন মান | যাক নাটিলেক কেশী কংস বকাসুৰ্বে , মিছা বাদ নকস যেন নাকে খুৰে॥ দিয়ে অনুমতি পুত্ৰ বংশৰ প্ৰধান বিধিৱতে মাধৱক কৰে। কন্যাদান। হেন স্বামী পাওক জীয়াই ৰুক্মিণী। মঙ্গল কায্যত বাপু নাপাত বিঘিনি। বাপেকৰ বুজনিত ৰুক্মিৰ খ’ তিনি গুণ চৰিল (হ। তেওঁ বুঢ়াক যিহকে পায় তাকে কৈ বুবাক্য প্ৰয়োগ কৰিবলৈ ধৰিলে —“হন শুনি ৰক্মিৰ উঠিল বৰ ক্ৰোধ। বৃদ্ধ বয়সত তুমি এমুৱা অবোধ। আনতে নলৈ তুমি পিy নামে পালা। যাদৱ গোটক বৰ জামাই খুজি পাইলা। ইেন ৰণ ভঙ্গুৱাক বখানাহা কিক। প্ৰাণান্তিকো কৃষ্ণক নেদিবো ৰুক্মিণীক। শিশুপাল ৰাজাকে সে দিবে সাৰেসাৰ। একো কালে নলাৰিৰ্বে পূৰ্ব্ব অঙ্গীকাৰ ” শান্ত বাপেক বুঢ়া ৰজাই কি কৰে, গতি বিষম দেখি কিছু পৰ তল-মূৰকৈ থাকি নৈৰাশ হৈ ভয়ত পুতেকৰ কথাতে মত দি কলে—“পুত্ৰ বাক্য শুনিয়া ভীষ্মক মহাৰাই অধোমুখে আছি লন্ত মাথা চপৰাই। মনত বেলন্ত জানো আৰু পাৰে গালি। মাতন্ত নৃপতি কুমাৰক আশা পালি। হিয়াত আছিল মানে
পৃষ্ঠা:Sankardev.djvu/৯৮
অৱয়ব