ষষ্ঠ আধ্যা “একোৱে নাজানে কিছু নাপাৰে খণ্ডিত। বহু বক্কী তৈলে তাক বুলিবে পণ্ডিত। ধন জন বিভৱ নাথাকে যাৰ আতি। সেইজন অসাধু লোকত অসঞ্জাতি। পৰম দাম্ভিক যিটো ধনৰ গত। সেহিজন মহা সাধু বোলাইবে লোত। শৰীৰক। ঘসিপিসি কৰিবেক স্নান। হৈবেক কলিত অলঙ্কাৰ এহিমান। চতুৰ্ভিতি বেঢ়ি মাথে ৰাখিবেক পাস। কেশতে:স হৈবে লাৱণ্য লয়লাস। নাদৰিবে মহাগুৰুজনকে হেলাত। বিদূৰৰ জলে তীৰ্থ বুদ্ধি হৈব জাত •• •••দান পুণ্য কৰিলে মোহোৰ হৈবে খ্যাতি। হেন দম্ভ ভাৱে ধৰ্ম্ম আচৰিবে আতি। কাহাৰো মুহিবে আউৰ ৩ মন শুদ্ধ। ছাগ সম হৈবে ধেনু হৰিবেক দুগ্ধ। যতিয়ে অশ্ৰমী হৈব গৃহস্থৰ নয় ভাৰ্যাৰ কুটুম্বে হৈব সুহৃদ নিশ্চয়॥••• ৩ানপ্ৰস্থী সন্ন্যাসীয়ো হৈবে গ্ৰামবাসী। মহা ধনলোভী হৈবে যতেক সন্ন্যাসী॥ মিছা মাতি সাউদে কৰিবে কিনা বিকা। জীবেক সম্পদ কৰি নিন্দিত জীবিকা। উত্তম নায়ক যদি হোৱে ক্ষীণবিত্ত। নাৰিবে তাক পুৰাতন যত ভৃত্য। যদি ৰোগী ভৈল ভৃত্য অনেক পুৰুষী। দেখি স্বামী সবে তাক এৰিব নুপুষি। ধেনুকো ত্যজিব যেবে দুগ্ধ ভৈল হীন। কলিত হৈবেক লোক তিৰী পৰাধীন। পিতৃ মাতৃ জ্ঞাতি যত ত্যজিবে সোদ। ভাৰ্যাৰ কুটুথ হৈব সুহৃদ লোক। নিজ গোত্ৰ কুটুৰতো এৰিবেক আশ। ভাৰ্য্যাৰ ভ্ৰাতৃত মাত্ৰ কৰিবে বিশ্বাস। শূদ্ৰ সবে ধৰিবেক তপৰ্থীৰ বেশ। ছন্নে দান লৈয়া ভ্ৰমিবেক দেশ দেশ। মুখৰ উন্নতি হৈব ফুৰিবে উল্লসি। ধৰ্ম বখানিবে উচ্চ আসনত বসি।”
পৃষ্ঠা:Sankardev.djvu/৮৯
অৱয়ব