সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যা ৮৫ - শহন্তে। “কেন হেন ভৈলা ভাই তোৰ এ অৱস্থ। চিৰকাল প্ৰবাসত কিবা পাইল দুখ তনু তোৰ নিস্তেজ মলিন দেখে মুখ। নকৰিলি প্ৰাণীক ভয়ত পৰিত্ৰাণ। বিক নিদিলি কিবা প্ৰতিশ্ৰুত দান॥ অতিথিক নিদি কিবা কাৰলি ভোজন। সিভিল পাতক কিবা আগম্যাগমন। নকৰিলে মান্য জানো তোমাক অধমে জিনিলে কিবা পথত আসন্ত।” পৰত দিয়া এই বোৰ কেনে সুন্দৰ কেনে হৃদয়স্পৰ্শী। শঙ্কৰদেৱে একাদশ স্কন্ধত জটিল কথাবোৰৰ কেনে সৰল পদ কৰিছে, সেই বিষয়ে গুৰু চৰিত্ৰত এটা উল্লেখ থক। কথালৈ •ন দিলেই বুজিব পাৰি। কণ্ঠভূষণে শঙ্কৰদেৱক বাদত জিনিবলৈ •াস্ত্ৰ পঢ়িবৰ নিমিত্তে কাশলৈ।ৈ তাত ব্ৰহ্মানন্দ আচাৰ্যৰ ওচৰত বেদান্ত পাঠ কৰিছি না। এদিন আচাৰ্যই একাদশ স্কন্ধ •াগৱত পাঠ কৰি ব্যাখ্যা কৰি থাকোতে এটা শ্লোকৰ মানে উলিয়াব নোৱাৰি ভাবি থকা দেখি কণ্ঠভূষণে শঙ্কৰদেৱে কৰা একাদশৰপৰা উদ্ধৱ সংবাদৰ ভক্তিযোগ পদ মাতি দিলত আচাৰ্যই সেই সৰল অৰ্থযুক্ত পদ শুনি সেই পদ কোনে কৰা বুলি •োধাত কণ্ঠভূষণে কলে।- “উজান দেশত শঙ্কৰ নামে এজন পুৰুষ শূদ্ৰ কুলত জন্ম ধৰি বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰিছে, আৰু শ্ৰীমদ্ভগৱত শাস্ত্ৰখনি সৰল পয়াৰ কৰি স্ত্ৰী শূদ্ৰই গাব বুজিব পৰা কৰি ভ্যঙনি কৰিছে।” ব্ৰহ্মানন্দই এই কথা শুনি পূৰ্ব কথা স্মৰণ কৰি কণ্ঠভূষণক কলে যে “বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰত্নাৱলী নামে গ্ৰন্থ এখন ৰচনা কৰি মোৰ হাতত অৰ্পণ কৰি কৈছিল যে পূৰ্ব দিশে “ব” কাৰ আদি গ্ৰামত “শ” কাৰ আদি নামে পুৰুষ এজন