সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুবৰ্ণৰ ভিন্ন মুহি, মিছা মাত্ৰ নাম ৰূপ যত। অহঙ্কাৰ পথত তোমাত পৃথক মুহি প্ৰভু পৰমাৰ্থ বিচাৰত। তোমাত পৰম জ্ঞান মাধৱ দিয়োক মোক যিটো খণ্ড সুখ দুখহীন। মুহি নাৰাষণ দিয়। শ্ৰৱণ-কীৰ্ত্তন ভক্তি নোহেঁ যেন বেদৰ অধীন। ওৰেষা ইন্দ্ৰদ্যুমুৰ স্তুতি,-“মায়াতেসে বিবিধ পৰিচ্ছে। স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ। চৈত বৰপে ব্যাপী এক নিৰঞ্জন। তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন। নিশ্চল নিৰ্মল সূৰূপ যিটো স্বামী। দেৱে নজানন্ত তাৰু কেনে আনো আমি।” “লভিলোহেঁ। জন্ম প্ৰভু অসংখ্য প্ৰমাণ। পঢিলোহহ বেদশাস্ত্ৰ অনেক পুৰাণ। অসন্তোষ সন্তোষক লভিলে অপাৰ। ক্ষয় বৃদ্ধি উদয়ক পাইলে বাৰেবাৰ সংযোগ বিযোগ শত্ৰু মিত্ৰ বান্ধৱৰ। দেখিলে। সংসাৰে পিতৃ মাতৃক বিস্তৰ। সুখ দু অনুভৱ ভৈল অসংখ্যাত। পাইলে। পুত্ৰ ভ্ৰাতৃ জ্ঞাতি অনেক ইহাত। বিষ্ঠা মূত্ৰে পচিলোঁ। নাৰীৰ উৰত। গৰ্ভবাস দুখ প্ৰ পালে। নানামত। জানিলেহহ দুখ শিশু যুবা বৃদ্ধকালে। মৰণ পীড়াক প্ৰভৃ জানিনেহে। ভালে। কৃমি কীট হন্তী ঘোৰা মৃগ পশু পক্ষী। গৰু উট মহিষ পশুক যত দেখি। দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতেক। ৰাজা জভৃত্য অধ্যা মনুষ্য অনেক। সবাৰে গৃহত বাৰে বাৰে ভৈলে। জাত। অনেকৰ ভৈলে। প্ৰভু ভৃত্য অসংখ্যাত। হওঁ কতত দৰিদ্ৰ ধনৰ অধিকাৰী। কতো মোক মাৰে কতো মধ্যে আছে। মাৰি। মই আনি কাটে। কতত মোক ধৰি কাটে।” “পিতৃ