গণ। হবিগুণ গীত গাৱে গৰূৰ্ব কিন্নৰ। আৰু এঠাইত এখন উপবনৰ বৰ্ণনা চোৱা। পাছে ব্ৰিণয়ণ দিব্য উপবন দেখি বিদ্যমান। ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান শিৰীষ সেউতী তমাল মালতী লৱঙ্গ বাগী গুলাল। কবীৰ বক কাঞ্চন চম্পক ফলভাৰে ভাগে ডাল। সেৱালী নেৱালী পলাশ পালী পাৰিজাত যুতী জাই। বকুল বলী আছে ফুলি ফুলি তাৰ সীমা সংখ্যা নাই। কনৌৰ কনাৰী কদম বাবৰী নাগেশ্বৰ সিংহ- চম্পা। অশোক অপাৰ, দেৱাঙ্গ মন্দাৰ মণিৰাজ ৰাজচম্পা কুল কুবক কেতেকী টগৰ গন্ধে মোকে বহুদূৰ। গুটিমালী ভেটি ৰঙ্গণ ৰেৱতী মৰুৱা মধাই ধুস্তৰ। চলন অগুৰু দিব্য কল্পতৰু দেৱাৰু পদ্ম বসি। প্ৰতি গাছে গাছে ভিস্তা বান্ধি আছে সুবৰ্ণ মাণিকে খচি। মণি মৰকত স্থলী নানা মত দীপ্তি কৰে তাৰ কাছে। মহা মনোহৰ দীঘি সৰোবৰ তাৰ মাঝে মাঝে আছে। চাৰিও কাৰে পোল বাখৰে বন্ধাইছে বিচিত্ৰ কৰি। বৈদূৰ্যৰ বাট, স্ফটিকৰ ঘাট, মৰকত খাট পৰি। সুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰঞ্জি। শশাভে চক্ৰবাক, ৰাজহংসজাক মৃণাল ভুঞ্জে উভজি। কোচা কঙ্ক বক বিবিধ চটক ভ্ৰমন্ত নিৰ্ভয় ভাৱে। অমৃত সমান জল কৰি পান ত্যজে সুললিত ৰাৱে। চাৰিও পাৰত দিব্য পুষ্প যত গন্ধে দশোদিশ বাসে। অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে মধুপান অভিলাষে। যত দিব্য পক্ষী ফল ফুল ভঙ্গি কাচা মুম্বৰ ৰাৱ। কুহু কুহু ধ্বনি কোকিলৰ শুনি বহয় মলয়া ৰাৱ।” ওপৰত তুলি দিয়া উল ললিত বৰ্ণনা দুভোষৰে পৃথিৱীৰ সৰ- শ্ৰেষ্ঠ কবিৰ লেখনীকে সম্মানিত কৰিব পাৰে। যি অসমীয়া
পৃষ্ঠা:Sankardev.djvu/৫৮
অৱয়ব