তৃতীয় আধ্যা। ৪৩ কীৰ্ত্তনখন শঙ্কৰদেৱৰ ইমান মৰমৰ আছিল যে কাছাৰীৰ ভয়ত যেতিয়া তেওঁ আন আন ভূঞাসকলেৰে সৈতে লৰালৰিকৈ পলাই গৈছিল, তেতিয়া হঠাৎ বাটত তেওঁৰ মনত পৰিল যে কীৰ্তন ঘোষা' পুথিখন তেওঁ পাহৰি ঘৰতে এৰি থৈ আহিল। কথাটো মনত পৰিলতে তেওঁ অকলৈ উভতি আহি ঘৰ সোমাই কীৰ্তন- খন লৈ ওলাব খোজোতেই কছাৰীহঁতে তেওঁক বেঢ়ি ধৰিলে, আৰু দুটা কছাৰী মুনিহে তেওঁৰ দুৱাৰ মুখত বাট ভেটি ধৰিলে। বিপদ দেখি শঙ্কৰদেৱে ওলাই আহি ৰণুৱা কছাৰী দুটাক ঠেলা মাৰি পেলাই দি ভো-ভে কৰে লৰি পাই গুচি গল।* কীৰ্ত্তনৰ ৰচনা প্ৰণালী কেনে সুন্দৰ, এবাৰ তাৰ বিষয়- বৰলৈ চকু দিলেই সেই টা হৃদয়ঙ্গম কৰিব পাৰি। ভাষাৰ লালিত্য, ছন্দৰ ঝঙ্কাৰ, সুৰৰ লাবণ্য, ভাবৰ মাধুৰ্য্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শঙ্কৰদেৱৰ কীৰ্ত্তন ৰচিত। প্ৰথমতে ভৱন্তৰ চবিংশতি অৱতাৰ বৰ্ণনা। তাৰ পিছত পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰপৰা নামাপৰাধৰ বৰ্ণনা।। এই শাস্ত্ৰ 1 “এক কালে আসামে মাৰিলে টেনি। অসমক ভয়তে পলাইল সৰে প্ৰাণ। শঙ্কৰো পলায় গৈলা লোকৰ লগ ৩। কীৰ্তনখো পুথিখন ৰহি ঘৰত। একি নিয়ে লাগি একেশ্বৰে আসিলস্ত। আসামে বেঢ়িলে যেৰে ঘৰ পশিষ্ট। কছাৰী মুনিৰ দুয়ো দুৱাৰত থিত। হেন দেখি শঙ্কৰ ভৈলস্ত ভয়ভীত। কমতে পাইবে মনে মনে আলোচিলা। ভিতৰৰ পৰা বৰ বেগে লৰ দিল। হেম্পোচিব চিতে পেলাইলন্ত দুমোতন। গৰকিলা দুইকে। দিয়া বুকুত চৰণ। দেখে আউৰ সৰে দিব্য পুৰুষ পলাই। বহু বহু বুলি পাছতে খেদি যায়।” -দৈত্যৰি ঠাকু। + ‘পদ্মপুৰণৰ অখণ্ডত। নিপি, আছে কলি যত আৰু না অতি একান্ত চিত্তে। যা ইচ্ছা আছে ভৱ তবিতে ”ন।
পৃষ্ঠা:Sankardev.djvu/৪৫
অৱয়ব