দেখি গোসানীৰ আগত বলি দিবলৈ পাঠা আমি দিয়াটো তেওঁৰ পক্ষে অসম্ভৱ কাৰ্য হৈছিল। দিনৌ মাধৱে বৈনায়েকক পাঠা আনিছ নে" বুলি সোধে, আৰু বৈনায়েকে ঘুৰাই পকাই সেই কথাৰ ঠিক উত্তৰ নিদি বিচাৰিছো” “আনিম” ইত্যাদি কথা কৈ গা সাৰে। দুৰ্গা-পূজাৰ ওচৰ চাপিল। এদিন মাধৱে বৈনায়ে- কেৰে সৈতে মজিয়াত বহি ভাত খাওতে খং কৰি বৈনায়েক সুধিলে- “হোঁকোৰাকুচীয়া তুমি বুদ্ধিত পাগল। কিয় আনি নো মোক পূজাৰ ছাগল?” এই দৰে কৈ মাধৱে বৈনায়েকৰ ওপৰত বৰকৈ খং কৰিলত, বৈনায়েকে তেওঁক উত্তৰ দিলে, “আমাৰ আগত দেখোৱাহা বৰগোট। শঙ্কৰৰ আগত হৈবাহা লোটসোঢ়।” এই উত্তৰ শুনি মাধৱে আচৰিত হৈ বৈনায়েকক শুধিলে, “মোতকৈও কোনোবা ডাঙ্গৰ পণ্ডিত আছে নে?” ৰামদাসে উত্তৰ দিলে “তুমিয়ে নিজক বৰ পণ্ডিত বুলি অহঙ্কাৰ কৰা হবলা? বাৰু কাইলৈ তোক শঙ্কৰদেৱৰ ওচৰলৈ লৈ যাম।” মাধৱে এই কথাত মান্তি হৈ পিছদিনা ৰাতিপুৱা স্নান কৰি গুৱা পান লৈ মদাৰে সৈতে নৈ পাৰ হৈ শঙ্কৰৰ থান পাই শঙ্কৰদেৱৰে সৈতে সাক্ষাত কৰিলে। ৰামদাসে শঙ্কৰদেৱৰ আগত মাধৱৰ পৰিচয় দিলত শঙ্কৰে কলে “এৰা, মনোমা বাইৰ পুত্ৰ বৰ এটা হল; মূৰে মূৰে ঠেকা লাগিলেও চিমি নেপাওঁ।”
পৃষ্ঠা:Sankardev.djvu/৩৮
অৱয়ব