দ্বিতীয় আধ্যা। ৩১ কৰিলে। প্ৰথমতে তেওঁ ভাগৱতৰপৰা সাৰ উদ্ধাৰ কৰি কীৰ্ত্তন পুথি ৰচনা কৰিলে। তাৰ পিছত গী ও পদ ভটিমা চপয় আদি কৰিলে * ৰামৰায়কে আদি কৰি জ্ঞাতিসকলে শঙ্কৰদেৱক কলে যে “আপুনি অনেক তীৰ্থত ভ্ৰমণ কৰি নানাৰকম উৎসৱ দেখি আহিছে, আমাক এটি আমোদজনক উৎসৱ দেখুৱাওক।” এই কথা শুনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত শঙ্কৰদেৱে বৃন্দাবনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে। তেতিয়াৰেপৰা আসামত ফৎসৱ বা ফাকুৱা প্ৰচলিত হল। কীৰ্ত্তন পুথিত ঠাই পোৱা “বঙ্গে ফাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি।” ঘোষা আৰু পদ এই উপলক্ষে ৰচিত হৈছিল। জ্ঞাতি বন্ধুসকলৰ অনুৰোধত শঙ্কৰদেৱে চিহুযাত্ৰা ভাৱনা কৰিছিল। সেই ভাৱনালৈ শোলক-ধামকে আদি কবি সপ্ত বৈকুণ্ঠৰ নক্সাৰে সৈতে শঙ্কৰে নিজ হাতে সুন্দৰ চিত্ৰপট (Scene) আঁকি দিছিল; যাত্ৰাত বজাবলৈ খোল নামৰ বাদ্য কুমাৰৰ হতুৱাই গঢ়াই আৰু মুচিয়াৰৰ হতুৱাই ছোৱাই উলিয়াই দিছিল। আগেয়ে আসামত মৃদঙ্গ হে প্ৰচলিত আছিল, শঙ্কৰদেৱে কপিলী- মুখৰ কুমাৰক মতাই আনি খোল গঢ়াবলৈ নমুনা দি কিছুমান মাটিৰ খোল প্ৰস্তুত কৰালে, আৰু শালমৰা গাৱৰ মুচিয়াৰক ' ৰিচাৰ কৰিয়া পাহে ভাগৱত গ্ৰন্থ। কৰিলন্ত শৰুৰে প্ৰকাশ ভক্তিপন্থ। হৰিত ভকতি অতি কৰিৰে প্ৰবন্ধ। এথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ। অৰন্তৰে কিছু লোকে ভকতি কৰিল। তেবে আনো নানাবিধ ছন্দ নিপিল। কতো গীত প কতো ভটিমা চপ। কথা লোক আদি কৰিলন্ত মহাশয়।" দৈত্যাৰিঠাকুৰ ৰচিত চৰিত্ৰ।
পৃষ্ঠা:Sankardev.djvu/৩৩
অৱয়ব