সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ আধ্যা। ২০৯ বিশেষ সুৱগৰ পাত্ৰ গোপী যাক কৃষ্ণই লৈ আনবিলাক গোপীক এৰি এবাৰ অন্তৰ্ধান হৈ গৈছিল, এনে গোপী এজনাৰ যৎকিঞ্চিত আভাষ দেখিবলৈ পোৱা যায় মাথোন। ৰাধা নামৰ গোপীৰ উল্লেখ আন আন গোপীৰ লগত এবাৰ মাথোন পোৱা যায়। সেই ৰাধাও দহৰ লগৰ এজ ' আৰু বিশেষত্ববৰ্জিত। শ্ৰীমদ্ভাগৱতৰ ৰাধা ৰাই ৰাধা নহয়, প্ৰধান গোপী নহয়। -“অনেক সহস্ৰ গোপীৰূপে অনুপাম। শুনা তাসঘাৰ মুখ্য মুখ্য কিছু নাম। হনুমতী, মদনমঞ্জৰী, ৰত্নমালা। পদ্মৱতী, কুন্তী, কুমুদিনী, চন্দ্ৰকলা। ৰোহিণী, হৰিণী, স্বয়ম্বৰী, বিদ্যাধৰী। মাধবী, ৰাধিকা, মধুমতী, মন্দোদৰী। ইত্যাদি,- দশম স্কন্ধ। ইযা দ্বাৰাই স্পকৈ বুজা যায়, যে চৈতন্যৰ ৰাধা শ্ৰীমদ্ভাৱতৰ পিছৰ ব্ৰহ্মবৈবৰ্ত পুৰাণৰ ৰাধা; আৰু তাৰো অনেক কালৰ পিছৰ জয়দেৱ, বিদ্যাপতি, চণ্ডীদাস আদি কবিসকলৰ ৰাধা। ভাগৱতী বৈষ্ণৱধৰ্ম প্ৰচাৰক শ্ৰীশঙ্কৰদেৱৰ দশম কীৰ্ত্তন অদি কোনো পুথিত, তেওঁৰ গীত ভটিমা আদি কতো সেইদেখি ৰাধাৰ নাম নাই, ৰাধাৰ প্ৰেমৰ বিশেষত্ব নাই; কাৰণ তেওঁৰ প্ৰচাৰিত ধৰ্মৰ গুৰি শ্ৰীমদ্ভাগৱত। তেওঁৰ নাট গীত পদ ভটিমা চপয় আদিত ৰুক্মিণী, সত্যভামা আদি কৃষ্ণৰ মহিষীৰ গুণ নাম আছে, মুঠতে গোকুলৰ গোপীসকলৰ কৃষ্ণভকতি কৃষ্ণপ্ৰেমৰ কথা আছে, কিন্তু চৈতন্যৰ ৰাধাৰ প্ৰেম, ৰাধাৰ নাম লাই। মুঠতে শ্ৰীমদ্ভাগৱতত যি নাই, শঙ্কৰদেৱৰ পুথিত, শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মত সি নাই। শঙ্কৰ চৈতন্যৰ শিষ্য হোৱাহেঁতেন ধৰ্মবিষয়ত তেওঁলোকৰ ভিতৰত এনে Fundamental difference মৌলিক প্ৰভেদ হব পাৰিলেহেঁতেন নে? গোকুলৰ গোপীসকল শঙ্কৰৰ মানত কৃষ্ণৰ ১৪