২০৬ শঙ্কৰদেৱ। বাৰে শঙ্কৰ প্ৰচাৰিত ধৰ্ম্মৰ আন চৈতন্য প্ৰচাৰিত ধৰ্ম্মতকৈ ওখ। শঙ্কৰদেৱৰ প্ৰৱাৰিত বৈষ্ণৱধৰ্ম নিৰিহ-নিপানীকৈ শ্ৰীমদ্ভাগৱতৰ পৰা অনা ধম্ম। চৈতন্যৰ প্ৰচাৰিত বৈষ্ণৱধয় তাকল যে শ্ৰীমদ্ভাগৱতানুমোদিত এনে নহয়, সি ব্ৰহ্মবৈবৰ্ত পুৰাণ, বৃহন্নাৰ- দীয় পুৰাণ, আৰু ঘাইকৈ জযদেৱৰ গীতগোন্দি, বিদ্যাপতি আৰু চণ্ডীদাসৰ কবিতা, ৰামানন্দ ৰায় তা দিৰ নাটক, সনাতনৰ সংস্কৃত কৃষ্ণলীলাৰ এন্থ তদিৰ ভাবেৰে সান-মিহলি। তেওঁ তেওঁৰ ৰাধা-ভাবৰ নিমিত্তে য’ৰপৰা যি সেই ভাবৰ পৰি, পোষক পাইছিল তাৰেই তেওঁৰ বৈষ্ণবম্ম ডাঙৰ-দীঘল কৰিছিল। বাস্তবিকতে কবলৈ গলে, বিদ্যাপতি, চণ্ডীদাস আৰু জযদেৱৰ কবিতা হে তেওঁৰ প্ৰচাৰিত ধৰ্ম্মৰ গাৰু ঘাইকৈ তেওঁৰ মত কৃষ্ণ-প্ৰেমৰ উৎপাদক বুলিব লাশে। চৈতন্যৰ অতিৰিক্ত ভাবপ্ৰবণ মনত বিদ্যাপতি চণ্ডদাস আৰু জমদেৱৰ ৰfত কবিতা অঙ্কুৰিত বৰ্ধিত আৰু পুষ্পিত হৈ উছিঠিল। তেওলোকে কবিতা কৰি ৰাধাকৃষ্ণৰ প্ৰেমৰ বিষয়ে, ৰাধাৰ কৃষ্ণবিবহৰ বিষয়ে যি লেখিছিল, চৈতন্যই সেইবোৰ তেওঁৰ জীবনত অভিনয় কৰি প্ৰকৃত যেনকৈ দেখুৱাবলৈ চেষ্টা কৰিছিল। একেই চৈতন্যৰ অতিৰিক্ত ভাবপ্ৰবণতা (Sentimentalism), প্ৰতিভাসুলভ বুদ্ধিৰ প্ৰখৰতা আৰু প্ৰগাঢ় পাণ্ডিত্য, তাৰ ওপৰত তেওঁৰ “জিনিয়য়চ” (Genius) সুলভ অৰ্থাৎ নবনবোন্মেষশালিনী বুদ্ধিসুলও একুচেন্টি চিটি” (eccentricity) কেন্দ্ৰভ্ৰষ্ট বৈষম্য, এই এটাই বোৰে মিলি তেওঁক জয়দেৱ বিদ্যাপতি আৰু চণ্ডীদাসৰ কবিতাময়
পৃষ্ঠা:Sankardev.djvu/২০৮
অৱয়ব