২০৪ শঙ্কৰদেয়। ভাগ্যে কৈলে আগমন। ..ভুমি নাথ ব্ৰজপ্ৰাণ, এজৰ কৰ পৰি এ, বহু কাৰ্য্যে নাহি অবকাশ। তুমি আমাৰ ৰমণ, সুখ দিতে আগমন, এ তোমাৰ বৈপ্নবিলাস।” –চৈতন্যচৰিতামৃত। পদকল্পতৰু পুথিত আছে, শ্ৰীৰাধিকাই তমাল ও দেশি কৃষ্ণভ্ৰম কৰি—“বিজনে আলিঙ্গই তৰুণ তমাল,” আৰু চণ্ডীদাসৰ কবিতাত আছে, মেঘ দেখি চাহে মেঘপানে, চালে নয়নেৰ তাৰা।” চৈতন্যই “চটক পৰ্বত দেখি গোবদ্ধনে ভ্ৰমে, ধাঞ। চলে আৰ্তনাদ কৰিবা ক্ৰন্দনে।” “যাহা নদী দেখে তাহা মানিয়ে কালিন্দী।” “তমালেৰ বৃক্ষ এক সম্মুখে দেখিয়া। কৃষ্ণ বুলি ধেয়ে গিয়ে ধৰে জড়াইয়।” শ্ৰীৰাধিকাই— পুছয়ে কানুৰ কথা ছল ছল আঁখি। কোথায় দেখিলা শ্যাম কহ দেখি সখি ”–( চণ্ডীদাস )। চৈতন্যও – গদাধৰে দেখি প্ৰন কয় জিজ্ঞাস। কোথা হৰি আছেন শ্যামল পীতবাস।” (চৈতন্যভাগৱত! | শঙ্কৰৰ ধৰ্ম্মত উপাস্য উপাসকৰ ভাব প্ৰবল; শ্ৰীকৃষ্ণ তেওঁৰ উপাস্য, তেওঁ শ্ৰকৃষ্ণৰ উপাসক। উপাস্যউপাসকৰ ভিতৰত যি দৃঢ় ভক্তি দৃঢ় আকৰ্ষণ দৃঢ় সম্বন্ধ সেই ভক্তি সেই আকৰ্ষণ সেই প্ৰেম সেই সম্বন্ধহে শঙ্কৰৰ বস্তু; প্ৰণয়ী আৰু প্ৰণয়িনীৰ সম্ভোগস্পৃহাজনিত প্ৰেম তৃপ্তি, তাৰ ব্যাঘাতত ওপজা কষ্ট, আৰু দীৰ্ঘবিৰহজনিত কাতৰপৰা ওপজা উদ্ধান্ত প্ৰেম নহয়। বেদান্তৰ অদ্বৈবাদৰ পৰা জন্ম হোৱা চৈতন্যদেৱৰ নতুন বৈষ্ণবী-অদ্বৈতবাদ শঙ্কৰদেৱত নাই। শঙ্কৰ সদায় কৃষ্ণৰ কিঙ্কৰ, কৃষ্ণৰ দাস; তেওঁ কৃষ্ণৰ দয়িতা প্ৰণয়িনী নহয়। উপাস্য উপাসকৰ প্ৰভেদ নথকাতে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত
পৃষ্ঠা:Sankardev.djvu/২০৬
অৱয়ব