সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০২ শঙ্কৰদেৱ। (১) “ৰাধা কৃষ্ণ প্ৰণয় বিকৃতিহ্লাদিনী শক্তিৰম্মাদেকা- নাবপি ভুবি পুৰা দেহভেদং গতো তৌ। চৈতন্যাখং প্ৰকটমধুনা তন্বয়ং চৈক্যমাপ্তং। ৰাধাভাবদ্যুতি সুবলিতং নৌমি কৃষ্ণ স্বৰূপং।” (২) “শ্ৰীৰাধায়া প্ৰণয়মহিমা কীদৃশশাবানয়ৈবাঙ্গো যেনতমধুৰিমা কীদৃশশা বা মদীয়া। সৌখ্যং চাস্তা মদনুভবতঃ কীদৃশং বেতি লোভাতদ্ভাবাঢ্যঃ সমজনি শচীগৰ্ভসিন্ধো হৰীঃ॥” শ্ৰীৰূপণেস্বামী। (১) অৰ্থাৎ শ্ৰীমতী ৰাধিকাই কৃষ্ণপ্ৰেমৰ বিলাসৰূপিণী হলাদিনী শক্তি, সেইদেখি ৰাধ কৃষ্ণ একাত্ম হৈও অনাদিকালৰপৰা শিলাস বাসনা কৰি জগতত দেহভেদ স্বীকাৰ কৰিছিল। সম্প্ৰতি দুয়ে। একত্ব প্ৰাপ্ত হৈ চৈতন্যৰূপে আবিৰ্ভূত হৈছে। এইবাৰে ৰাধাভাব আৰু ৰাধাকান্তিবিশিষ্ট কৃষ্ণস্বৰূপ কৃষ্ণ চৈতন্যদেৱক নমস্কাৰ কৰে। ১) অৰ্থাৎ শ্ৰীমতী ৰাধিকাৰ প্ৰেমমহিমা কেনেকুৱা, শ্ৰীমতীযে প্ৰেমেৰে সৈতে যি আস্বাদন কৰে মোৰ সেই বিচিত্ৰ মধুৰিমাই বা কেনেকুৱা, আৰু মোৰ অনুভৱৰপৰা শ্ৰীমতীয়ে যি আনন্দ লাভ কৰে সেই আনন্দই বা কেনেকুৱা, এই তিনটি বিষয় লোভৰ বশবৰ্তী হৈ শচীগৰ্ভৰূপ সমুদ্ৰত ৰাধাভাবযুক্ত হৈ কৃষ্ণৰূপ চন্দ্ৰ আবিৰ্ভাব হল। কৃষ্ণমুখ আস্বাদে প্ৰেম নাম সঙ্কীৰ্ত্তন।* “নিজভাৰে কৰে কৃষ্ণমুখ আস্বাদনে।” “আপন আস্বাদিতে কৃষ্ণ কবেন যতন।” “ৰাধাকৃষ্ণ এক আত্মা দুই দেহ ধৰি। অন্যান্যে বিলসয়ে ৰস আস্বাদন কৰি। সেই দুই এবে চৈতন্য গোসই। ৰস আস্বাদিত দোহে হৈল এক ঠাই।”—চৈতন্য চৰিতামৃত।