১৯৮ শঙ্কৰদেৱ। - এতকে হৰি ভকতি॥” “কলিৰ ধৰ্ম্ম হৰিনাম জান। পাপীৰ নিন্দাত নিদিবা কাণ।” “নাম বিনে নাহি কলিত গতি। কলিৰ লোক হৈব পাপমতি। অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ। জানিবা কলিত নামেসে সাৰ।” “মুখে বোলাঁ। ৰাম, হৃদয়ে ধৰা ৰূপ। মুকুতি পাইবা কহিলে। স্বৰূপ।” চৈতন্যদেৱেও বৃহন্নদীয় পুৰাণে কোৱা “হৰ্নোম হবেনাম হবেন।মৈব কেবলং। কলো নাস্ত্যেব নাস্ত্যেব নাস্ত্যেব গতিৰন্থথা।” এই কথাকে প্ৰচাৰ কৰিছিল। চৈতন্যদেৱে শ্ৰীমদ্ভাগবতোক্ত “শ্ৰৱণং কীত্তনং বিষ্ণোঃ স্মৰণ পাদসেবনম্। অনং বন্দনং দাস্যং সধ্যমত্মনিবেদন। ইতি পংসাতি। বিষ্ণো ভক্তিশ্চেন্নবলক্ষণ। ক্ৰিতে ভগবত্যদ্ধ। তন্মধ্যেহধীতমুত্তমম্।” এই ন বিধ ভক্তি বৈষ্ণৱৰ সাৰ কাৰ্য্য বুলি প্ৰচাৰ কৰিছিল। 'ঙ্কৰদেৱে ও-“শ্ৰৱণ, কীৰ্তন, স্মৰণ, বিষ্ণুৰ অৰ্চন, পদসেৱন দাস্ত, সখিত্ব, বন্দন, বিষ্ণুত কৰিব দেহ নৱ বিধ ভক্তি বিষ্ণুত আচৰে সোহসে পাঠ উত্তম।” এই ন বিধ ভক্তি বৈষ্ণৱৰ সাৰ কাম বুলি প্ৰচাৰ কৰিছিল। দিনে ৰাতিয়ে শঙ্কৰদেৱে সত্ৰ সভা পাতি ভকতসকলেৰে সৈতে হৰিনাম শ্ৰবণ কীৰ্তন কৰি থকাটো আৰু হৰিমন্দিৰ মাৰ্জন আদি কাৰ্য কৰাটো জীৱনৰ প্ৰধান কাম বুলি ভাৰিছিল। চৈতন্য দেৱেও -“নুগৰ্ম প্ৰবৰ্তাইমু নাম সংকীৰ্তন। চাৰি ভাব ভক্তি দিয়া নাচাইমু ভুবন।” কৈ দিনে ৰাতিয়ে সংকীৰ্তনত মতলীয়া হৈ নাচি সঙ্কীৰ্তন কৰি ফুৰিছিল—অৱশ্যে সত্ৰ সভা পাতি নহয়— আৰু পুৰীত গুণ্ডিচা মন্দিৰ মাৰ্জন কৰিছিল। “আৰ দিন প্ৰভাতে প্ৰভু লইয়া নিজগণ। শ্ৰীহস্তে সভাৰে অঙ্গে লেপিল অৰ্পণ॥
পৃষ্ঠা:Sankardev.djvu/২০০
অৱয়ব