সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেব। 9 ভাটীয়াই গুচি আহি ভাটীৰ ক্ষত্ৰি মৌজাৰ কাপাল নামে ঠাহত সত্ৰ পাতি ৰলহি। ক্ষেত্ৰিত তেওঁ ছমাহ আছিল। তাতে মাধৱদেৱৰ মাক মৰে। তাৰপৰা শঙ্কৰদেৱ গুচি গৈ চূণপোৰাত সত্ৰ কৰি ছমাহ থাকে। সেই চুণপোৰাতে ভৱানন্দ সাউদক [ যাৰ নাম শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰ দিছিল ] শঙ্কৰদেৱে শিষ্য কৰে। চূণ- পোৰাত ছমাহ থাকি কুমাৰকুচিলৈ যায, গত এঘৰ ভঁড়াল বা হিৰা প্ৰতিবেশীৰ ওচৰত থকাৰ অসুবিধা হোৱাত তাৰপৰা গৈ তেওঁ পাটবাউসীত সত্ৰ কৰে। এতিয়া আমি দেখিলোঁ। যে শঙ্কৰদেৱে আলিপুখুৰীত বৰদোৱাত গাংমৌত চাঙ্গনিত , ছ মাহ থাকে! মোট ৭২ বছৰ ছমাহ। ইয়াৰপৰা ধুৱাহাটলৈ যায়। তাতে ৰুক্মিণী কন্যাৰ জন্ম হৈ বিৰ সময় ই। সেইদেখি যদি ধুৱাহাটত তেওঁ কমপক্ষেও ১০ বছৰ থকাটো ধৰা যায়, তেন্তে আমি পাওঁ তেওঁৰ ৮২ বছৰ বয়সত তেওঁ ধুৱাহাট এৰি কপাললৈ আহে। তেও কাপাত ছমাহ, চূৰপোত ছমাহ থাকে; সেইদেখি তেওঁ ভৱানন্দক শৰণ দিয়া কালত ৮৩৮৪ বছৰ বৰসীয়া বুলি ধৰিব পাৰি। সেইদেখি শঙ্কৰদেৱৰ প্ৰায় ৮ বছৰ বয়সৰ কালত চৈতন্য প্ৰচাৰিত ধৰ্ম অলপ-অলপকৈ কামৰূপত সোমোৱাটোৰ আভাষ পোৱা যায়। শঙ্কৰদেৱ যেতিয়া ৮০ বছৰীয়া, চৈতন্য তেতিয়া ১৩৪৪ বছৰ বৰসীয়া। ২৪ বছৰ বয়সত চৈতন্যই সন্ন্যাস লৈ ধৰ্ম প্ৰচাৰ কৰে।