শঙ্কৰদেৱ। দৈত্যাৰি ঠাকুৰৰ পুথিৰ কথাতকৈ আমি বৰদোৱাৰ পুথিৰ কথাত বেছি আস্থা স্থাপন কৰিবলৈ বাধ্য হলে। সেইটো যি হওক, সকলে। অমিলৰ ভিতৰত এইটো মিল পোৱা যায়, যে কোনো পুথিৰপৰা চৈতন্য আৰু শঙ্কৰৰ ভিতৰত গুৰু শিষ্যৰ সম্বন্ধ বা এজনৰ ধম্মপ্ৰণালী আনজনে অৱলম্বন কৰাৰ (কা•ে কথা পোৱা নাযায়; গতিকে আমি দু: কে। সুকীয়া মতৰ ধম্মপ্ৰচাৰক বুলি স্বীকাৰ কৰিবলৈ বাধ্য। চৈতন্যদেৱৰ জীৱনচৰিত গ্ৰন্থত শঙ্কৰদেৱৰ নাম উল্লেখ কৰা আজিলৈকে আমি চৈতন্য সম্পৰ্কীয় যতবোৰ পুথি দেখিছো, কতো শঙ্কৰদেৱৰ নাম বা কোনো বিষয় উল্লেখ কৰা দেখা নাই। চৈতন্যচৰিতামৃত গ্ৰস্থ কৃষ্ণদাস কবিৰাজে তন্ন তন্নকৈ চৈতন্যব ভক্তসকলৰ নাম দিছে; সৰু, বৰ, বামুণ, কায়স্থ, স্লেচ্ছ, নীহ কুলীয়া, সকলোবোৰৰ উল্লেখ কৰিছে। কিন্তু শঙ্কৰ- দেৱৰ কোনো উল্লেখ না। তাত ভক্তিকল্পতৰু বৰ্ণনাত চৈতন্য- স্কন্ধৰ অনেক শাখা প্ৰশাখা ভক্তৰ নাম পোৱা যায়। ঠায়ে ঠায়ে শঙ্কব, দামোদ, মাধৰ নামৰ ভক্তৰো উল্লেখ দেখা যায়, সেই সকল যে আমাৰ আস মৰ শঙ্কৰ, মাধব আৰু দামোদৰ নহয় তাৰ এশাৰী পঢ়িলেই বুজিব পাবি। যেনে, “দামোদৰ পণ্ডিত শাখা গাঢ় প্ৰেমচন্দ্ৰ। প্ৰভু উপৰে যেহে। কৰে বাক্যদণ্ড। দণ্ড কথা কহিব গে বিস্তাৰ দণ্ডে তুষ্ট তাৰে প্ৰভু পাঠাইলা নদীয়া। তাহাৰ অনুজ শাখা শঙ্কৰ পণ্ডিত। প্ৰভুৰ পাদোপধান যাৰ নাম “কুলীন গ্ৰামেৰ সত্যদাস ৰামানন্দ। যদুনাথ পুৰুষোত্তম শঙ্কৰ } কৰিয়া। 11
পৃষ্ঠা:Sankardev.djvu/১৯৪
অৱয়ব