সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চদশ আধ্যা ১৯১ চাই। দুয়াে নয়নৰ নীৰ ধাৰে বহি যাই। শঙ্কৰৰে নয়নৰ নীৰ বহে ধাৰে। পথহস্তে নিৰখি আছ সাদৰে। কতােক্ষণে দুইকো দুই চাই প্রেম মনে। পশিলা মঠত গৈয়া শ্রীকৃষ্ণচৈতন্যে নামাতিলা দুইকো দুই নিদিল উত্তৰ। প্ৰ হৰিষ মনে চলিলা দৈত্যাবি ঠাকুৰ ৰচিত সংক্ষেপ শঙ্কচৰিত্ৰ পুথিৰ এই কথাৰে সৈতে ওপৰৰ কথাৰ তালপ অমিল হয় । পৰৰ কথাত শঙ্কৰেৰে সৈতে পুৰীত চৈতন্য আলাপ পৰিচয় আদি গেৱাৰ কথা ভালকৈয়ে লেখা আছে ; ইয়াত কৈছে যে, দূপৰা দেখা হৈছিল, আলাপ নহল। দৈত্যাৰি ঠাকুৰৰ পুণিত ও বাৰৰ আৰু প্ৰথম বাৰৰো শঙ্কৰদেৱ পুৰীত থকাৰ কথাৰ ভালকৈ বর্ণনা নাই, মাথােন কিঞ্চিৎ অভাষ পােৱা যায় এই নিমিত্তে অতি সংক্ষেপ এই পুথিৰ কথা এৰি বৰদোৱাৰ পুথিৰ কথা মানি লবৰ পক্ষে আমি কোনাে আপত্তি নেদেখো। বিশেষ, বৰপেটা কমলাবাৰী সত্ৰাদিত সস্তসাধুৰ মুখে বৰদোৱাৰ চৰিত্ৰত পােৱা কথাকে শুনিবলৈ পোৱা যায়। দৈত্যাৰিয়ে লেখা, শঙ্কৰে বাটত চৈতন্যৰ মঠ পােৱ। কথা মানিবলৈ গলে আৰু অলপ লেঠা লাগে। চৈতন্যদেৱ তেওঁৰ জীৱনৰ শেহৰ ওঠৰ বছৰ পুৰীত নিগাজীকৈ থকাৰ কথা চৈতন্যচৰিত্ৰ পুথিত আছে, সেই কথা আমি ওপৰত কৈ আহিছে। তেন্তে পুৰীৰপৰা আহোঁতে বা পুৰীলৈ যাওঁতে বাটত চৈতন্য আৰু তেওঁৰ মঠ কৰপৰা ওলাল? এই মঠ যদি পুৰীৰ ভিতৰতে, তেন্তে এই অসেঁৱাহ মাৰিব পাৰি । কিন্তু তেওঁৰ লেখাৰপৰা সেইটো স্পষ্ট নহয়, বৰং বাটত কৰবাত হে বুলি কোৱা যেন লাগে । দেইদেখি