সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ শঙ্কৰদেৱ। দেৱ জনার্দন। তাৰসৰে আপােন কুশল চিন্তা কৰি। গুৰু মানি ভজিলন্ত হৰি। জ্যোতিষ প্রধান শিৱ কাম নৰােত্তম। চন্দ্ৰধৰ সূৰ্য্য সূৰ্যশৰ্ম্মা নাম সৰ্ব্বকালে গ্রহ উপাসক সৰ্ব্বন শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ।” পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ আৰম্ভনতে সাব্বভৌম ভট্টাচাৰ্যই বন্দনা লে-িছে “জ্য নমে নিজ ব্ৰহ্ম কৃষ্ণ ইষ্ট দেৱ । তােমাৰ চৰণে কৰে। লক্ষ কোট সেৱ । শ্ৰীমন্ত শঙ্কৰ সন্ত মূর্তি অৱতাৰ । তােমাৰ চৰণে কৰে। কোটি নমস্কাৰ । নমো মৎস্য কুৰ্ম্ম আদি অৱতাৰ যত প্রণামাে মাধৱ অদি সমস্ত ভকত। অনন্ত কলি আদি ভক্ত বি প্রাণ। প্রণাম কৰোহো পৰি সবাৰো চৰণ।” অনন্ত কন্দলি যে শঙ্কৰদেৱৰ ভক্ত শিষ্য আছি, তেওঁৰ সম- সাময়িক সাৰ্বভৌম ভট্টাচাৰ্যৰ এই পদ পঢ়িলে আৰু সন্দেহ নাথাকে। শঙ্কৰদেবে দ্বিতীয বাৰ তীর্থভ্ৰমণ কৰিবলৈ যাওঁতে যে চৈতন্যক পুৰীত লগ পাইছিল, এই কথা আমি ওৰত কৈ আহিছো। এই বাৰ শঙ্কৰদেৱ পুৰতি থার্কোতে চৈতন্ঠ দেৱৰ মৃত্যু বা তিৰােভাব হােৱা কথাও আমি আগত কৈ আহিছো। শঙ্কৰদেৱৰে সৈতে চৈতন্যদেৱৰ যি কথাবার্তা হৈছিল, তাৰ বিবৰণ বৰদোৱাৰ গুৰু-চৰিত্ৰ পুথিত এই দৰে আছে- “জগন্নাথ প্রৰ নাট মন্দিৰত নটীৰ নাচ হােৱাত চৈতন্য গােসাই আৰু শঙ্কৰ গােসাই দুইজন বহি আমােক দেখিছে। অন্নপূর্ণাৰ মন্দিৰত ভােগ সিদ্ধ হব লাগিছে। ভােগ এটি উফৰি