সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যা। ১৭১ ৰাজ্য নষ্টৰ উপায় কৰিছে। ৰজাই দূত পঠাই ধৰাই নি ব্ৰাহ্মণ সকল আৰু শঙ্কৰদেৱক চাঙত তুলিলে। ৰজাৰ দূতে ৰাজ আজ্ঞা মতে শঙ্কৰত সুধিলে ‘তুমি বোলে ৰাজ্য নষ্ট কৰিল”? গুৰুৱে উত্তৰ দিলে কেনেকৈ কি বেয়া কাম কৰি ৰাজ্য নষ্ট কৰিলে, মই একো নাজানো। পিছত ৰজাই ব'হ্মণসকল সুধিত তেওঁলোকে জানালে শঙ্কৰে শ্ৰাদ্ধ নকৰে, আৰু ভকত সকলকো কৰিব নিদিয়ে। শ্ৰাদ্ধৰ কথা শুনি ৰজাই বাৰিত সুধিলে, ‘শ্ৰাদ্ধ কাক বোলে? তেতিয়া দ্বাৰিয়ে কলে “মনুষ্য মৰিলে দহা আৰু শ্ৰাদ্ধ কৰে। মৰাৰ দশ দিনত দহ। এিশ- দিনান্তে শ্ৰাদ্ধ। চাউল, কল বসন, ভূষণ ইত্যাদি দ্ৰব্য দি মৃতকক বৰায়; পিছত ব্ৰাহ্মাণসকলে সেইবোৰ নি খায়। ৰজাই ব্ৰাহ্মণ- সকলৰ এনে ব্যৱহাৰ শুনি খং কৰি কলে ‘মৃতকৰ বস্তু খায়। ইহঁতক চাঙৰপৰা খেদাই দিয়॥ ৰজাৰ আজ্ঞা মাত্ৰেই ব্ৰাহ্মণ- সকল ভয় পাই চাঙৰপৰা নামি আহিল। শঙ্কৰক ৰজাই প্ৰশংসা কৰি চাউল চৰু দুগ্ধ দিলে।” “সেই দিনাৰপৰা ব্ৰাহ্মণসকলৰ মনত শঙ্কৰৰ প্ৰতি আৰু অধিক কক্ষ। স্থায়ী হল। শূদ্ৰ হৈ ব্ৰাহ্মণক লাঞ্ছন। দিয়ে; প্ৰথম অৱস্থাতে যদি এনে হল ভবিষ্যতলৈ ব্ৰাহ্মণে থানকে নোপোৱা হব। তেওঁলোকে এইপ্ৰকাৰে ভাবি নানা কুমন্ত্ৰণা কৰি গাও ফুৰিবলৈ যোৱা ভকতসকলক সময়ত বহু লাঞ্ছনা দিবলৈ ধৰিলে। কাৰে হাতৰ মালা কাঢ়ি নি কুকুৰৰ নেজত আৰে, কাকো দলি ফমুটি মাৰি শৰীৰত কষ্ট দিযে। কোনো কোনেজনক অকৰ্মী চণ্ডাল বুলি গালি দিয়ে। ভকতসকলে ব্ৰাহ্মণৰ অত্যাচাৰ সহ