এয়োদশ আধ্যা। শঙ্কৰদেৱে তেওঁৰ পাণ্ডিত্য আৰু বুদ্ধিৰে অপণ্ডিত অথচ হিংসক আৰু দম্ভী ব্ৰাহ্মণসকলৰ দম্ভ অনেক বাৰ নাভাঙি নেৰিছিল। সেইদেখি ব্ৰাহ্মণসকল তেওঁৰ মহাশক হৈ উঠিছিল। ব্ৰাহ্মণসকলৰ মতে ব্ৰাহ্মণসকলৰ হে শাস্ত্ৰ পাঠ আৰু চৰ্চাত অধিকাৰ, শূদিৰৰ সেই অধিকাৰ নাই। শঙ্কৰ শূদিৰ, সেই দে শঙ্কৰৰ ভাগৱত গীতা আদি শাস্ত্ৰ পাঠ আৰু আলোচনা তেওঁলোকৰ মতে অনধিকাৰ চৰ্চা। অথচ তেওঁলোকৰ নিজৰ অধিকাৰ ভিতৰুৱ। শাস্ত্ৰ বিষয়ক তৰ্কতে তেওঁলোকক শঙ্কৰে হৰুৱাই মাতিব নোৱৰ কৰিছিল; এনেস্থলত শঙ্কৰ তেওঁলোকৰ চকুৰ কুটা আৰু দাতৰ শাল নহৈ কি হব? তাৰ উপৰি সৰ্বসাধাৰণ লোকৰ মাজত তেওঁলোকে বিধি বিধান ধৰ্ম্ম কৰ্ম্মৰ ব্যৱস্থা দি পেটৰ ভাত মোকো- লাই খাইছিল। এতিয়া শঙ্কৰে তিৰুতা দিৰে ও হজে বুজিব আৰু জানিব পৰাকৈ শাস্ত্ৰৰ শুৱলা ভাঙনি কৰি দি, আৰু সেইবোৰ নাম, গুণ, গীত, পদ ভটিমা আদিৰে গাই সকলোৰে হাতৰ মুঠিৰ ভিতৰুৱা কৰি দিলে, এনে স্থলত শঙ্কৰ তেওঁলোকৰ পৰম শত্ৰু নোহোৱাটো হে আশ্চাৰ্য। লৰা শঙ্কৰে পঢ়াশালিত পঢ়োতে, অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ তীক্ষ্ণ বুদ্ধি আৰু প্ৰভাৱ দেখি শ্ৰদ্ধা কৰি শঙ্কৰক আনবিলাক ছাতৰৰ দৰে পঢ়াশালি মছিবলৈ নিদিছিল, আৰু শঙ্কৰ বুলি নামাতি শঙ্কৰদেৱ বুলি মাতিবলৈ ছাতৰবোৰক আজ্ঞা দিছিল। বামুণ ছাৰতবোৰে সেই কথা সহিব কেনেকৈ? সিহঁতে মহেন্দ্ৰকলি অধ্যাপক নামে পঢ়াশালিৰ পৰিদৰ্শক ৰাঘৱাচাৰ্য পণ্ডিতক গোচৰ দিলে, যে “শূদ্ৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ অধ্যাপকদেৱে আমাক হুকুম
পৃষ্ঠা:Sankardev.djvu/১৭১
অৱয়ব