১৬৮ শঙ্কৰদেৱ। . এচাৰিৰে গৰু খেদাইছিল আৰু আন হাতে পিঠা লৈ মুখত দি চোবাইছিল। অৱশ্যে মিথিলা, কনৌজ আদি দেশৰপৰা অহা কলি উপাধি আদিৰে বিভূষিত নিষ্ঠাবান পণ্ডিত সদব্ৰাহ্মণসকল তেতিয়া আসামত নাছিল যে এনে নহয়, কিন্তু তেওঁলোকৰ লেখ তাকৰ। এই কামৰূপীয়া ব্ৰাহ্মণসকলো যে পূৰ্ব্বকালত ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম প্ৰদেশবোৰৰপৰা আহি কামৰূপত বসতি কৰা লোক তাত সংশয় নাই; কিন্তু তেওঁলোক এই দেশত দীৰ্ঘকাল থাকি, তেওঁলোকৰ আচাৰ ব্যৱহাৰ দেশায় আচাৰ ব্যবহাৰেৰে সৈতে কালক্ৰমত সান-মিহলি হৈ পৰাৰ নিমিত্তে, হীন বিবেচিত হৈছিল। বঙ্গদেশতে এনেকুৱাই হৈছিল; আৰু এই বাবেই বঙ্গদেশৰ ৰজা আদিশূৰে কান্যকুজৰপৰা তেওঁৰ দেশলৈ পঞ্চব্ৰাহ্মণ কায়স্থ অনাই তেওঁলোকক দেশীয় ব্ৰাহ্মণ কায়স্থসকলতকৈ শ্ৰেষ্ঠ মৰ্যাদা দিছিল। অতীজত আৰ্যজাতিৰ সোঁত ভাৰতলৈ বওঁতেও এনে কথাহ হৈছিল। প্ৰথমতে ভাৰতত সোমাওঁতা আয্য ফৈদ পিছত সোমাওঁ আৰ্য ফৈদতকৈ নীহ বিবেচিত হৈছিল, তাৰ পিছত সোমোৱ তৃতীয়ই প্ৰথম আৰু দ্বিতীয়তকৈ শ্ৰেষ্ঠ আসন পাইছিল। এইদৰে এক আৰ্যজাতিৰ ভিতৰতে ওখ তল প্ৰভৃতি শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। ভাৰতত সোমোৱা মুছলমানসকলৰ ভিতৰতে এই দৰেই শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। প্ৰথমতে ভাৰতলৈ অহা আৰব তুৰ্কী আৰু পাৰস্যৰ মুছলমানসকল তেওঁলোকৰ পিছত অহা মুছলমানসকলতকৈ অলপ নীহ বুলি পৰিগণিত হৈছিল আৰু তাৰ পিছত অহা সকলতকৈ আগৰ সকল নীহ বিবেচিত হৈছিল।
পৃষ্ঠা:Sankardev.djvu/১৭০
অৱয়ব