শঙ্কৰদেৱ। সিহঁতে যি মন যায় তাকে কৰাত কোনও বাধা দিব নোৱা- ৰিছিল। আন কি, সিহঁতে নিজৰ ইচ্ছামতে যেই কোননা তিৰু- তাকে সম্ভোগ কৰিবৰ অধিকাৰ পাইছিল। বছেৰেকৰ মূৰত দেবীপূজাৰ সময়ত সেই মানুহবোেৰ বলি দিয়া হৈছিল। ভৌতিক বিদ্যা, ঐন্দ্ৰজাল বিদ্যা, মঙ্গল চোওৱা, সুৰাপান, গৰ্ভৱতী তিৰুতাৰ গৰ্ভ ছিৰি জণপৰীক্ষা আদি জঘন্য কাৰ্য্যও তান্ত্ৰিকসকলৰ ভিতৰত প্ৰচলিত আছিল। উজনিত » দিয়াৰ ফালে ছুটিয়াবিলা- কৰ ভিতৰত কালীপূজা প্ৰচলিত আছিল, সেহ কালীক কেঁচাই- খাতী গোসানী” বুলিছিল। এই পূজাৰ পুৰোহিত বা পূজাৰিক দেউৰী বোলা হৈছিল। দেউৰীবোৰ বামুনহয়, ছুটিয়া। সদিযাৰ তামৰ দ’লত কেঁচাই খাতী গোসনীৰ আগত অসংখ্য নৰবলি দিয়া হৈছিল। ষোড়শ শতিকাৰ আগড়োখৰত যেতিয়া আহোম- বিলাকে ছুটিয়া ৰাজ্য সম্পূৰ্ণৰূপে জয় কৰি ছুটিয়াবিলাকক নিজৰ তলতীয়া কৰে, তেতিয়া আৰু তাৰ অনেক কালৰ পিছতো ছুটিয়া দেউৰীযে সদিয়াৰ দলৰ কেঁচাই-খাতী গোসানীৰ আগত আৰু আন আন গোসনী মূৰ্ত্তিৰ আগত নৰবলি দিযাৰ প্ৰমাণ পোৱা যায়। বিচাৰত যিবোৰ মানুহৰ প্ৰাণ-দণ্ডৰ আদেশ, হৈছিল, আহোমসকলে সেইবোৰ উৰিত পৰা মানুহক দেবী গোসানীৰ আগত বলি দিবলৈ দিছিল। উৰিত-পৰা মানুহ নাপালে কোনো এক বিশেষ খেলৰপৰা বলিৰ মানুহ বাছি লোৱা হৈছিল। বলি দিবলৈ আগ কৰা মানুহটোক খুৱাই-বুৰাই চিকুণ কৰি থৈ বলি দিয়া হৈছিল, আৰু বলিৰ আগৰ ডোখৰ কালত
- শাইনি আকী।