ত্রয়োদশ আধ্যা। শঙ্কৰদেৱৰ জন্মৰ সময়ত আসামত তান্ত্রিক শক্তি-পূজা প্রচ- লিত আছিল। হাঁহ ছাগ পাৰ ম'হ, আন কি, মানুহ পৰ্যন্ত বলি দি দেবী গােসানীৰ পূজা কৰা হৈছিল। সম্ভৱতঃ সেই কালতে কি তাৰ কিছু আগেয়ে ৰচিত হােৱা কালিকাপুৰাণত মানুহ বলিৰ বিষয়ে বিশেষকৈ লেখা আছে। বলি দিবলৈ উপযুক্ত মানুহৰ ক্ষণাদি কেনে হব লাগে, আৰু কেনেকৈ সেই বলি দিব লাগে ইত্যাদি বিষয়ে তাত বহলকৈ বর্ণনা কৰা হৈছে। মছলমানে ভঙা কামাখ্যা মন্দিৰ নৰন'ৰায়ণ ৰজাই আকৌ সজাই দি কামাখ্যাৰ প্ৰতিষ্ঠা কৰোতে ১৪ • টা মানুহ বলি দিয়া হৈছিল।* আন কি নৰনাৰায়ণ ৰজাৰ ভতিজাক কোচহাজোৰ ৰজা ৰঘুদেৱে, কালাপাহাৰে ভঙা হাজোৰ হয়গ্ৰীৱ মাধৱব মণিকূট নকৈ সাজি প্রতিষ্ঠা কৰাওঁতেও অনেক মানুহ বলি দিছিল, যদিও মন্দিৰৰ ভিতৰত শিলত কাটি লেখি থােৱা বিবৰণত ঘুদেৱ ৰজাক কৃষ্ণভক্ত বুলি উল্লেখ কৰা হৈছে। সেই কালত কামাখ্যাত এক শ্ৰেণীৰ মানুহ আছিল সিহঁতক ভােগী নাম দিয়া হৈছিল। এই মানুহবােৰ নিজৰ ইচ্ছাতে দেবীৰ আগত বলি হবৰ নিমিত্তে সাজু আছিল। যি দিনাখনৰেপৰ। সিহঁতে সিহঁতক দেবীয়ে বলি লবলৈ আদেশ দিছে বুলি প্ৰকাশ কৰিছিল, সেই দিনাখনৰেপৰা সিহঁতক লােকে মান্য সৎকাৰ কৰিছিল, আৰু গেইটৰ বুৰঞ্জী চোৱ।।
পৃষ্ঠা:Sankardev.djvu/১৬৭
অৱয়ব