শঙ্কৰদেৱ। পুথিত কাতি মাহ বুলি আছে। কাতি হলে ও এমাহৰ ভিতৰতে অমিলটো থাকে। শঙ্কৰদেৱৰ মৃত্যু যে ভাদত এইটো নিভুল। আহিনৰপৰা ভাদলৈ এবছৰ পূৰা হয়, দেৰ বছৰ নহয় ; সেই দেখি “বৰিষেক মন্দ” অধিক সংখ্যক পুথিৰ পাঠ অধিক শুদ্ধ বুলি ধৰি শঙ্কৰ দেৱৰ জীবিত কাল ১১৯ বছৰ বুলি স্থিৰ কৰা গল। এই নিমিত্তে আসাম বান্ধৱে” তেওঁৰ পুথিৰ ভুল পাঠ শঙ্কৰদেৱৰ বয়স ১০৭ বছৰ কৰিছে দেখা যায়। প্রাচীন ৰুদ্ৰমাল পুথি এখনত এটি শ্লোক আছে, তাক আমি তত তুলি দিলে। “খ বাণ বিশ্ব বেদকে শকাঙ্ক গণিতেশাকে। শ্রীমৎ শঙ্কৰ নামানৌহৱতীর্ণো কলৌযুগে । বিন্দু ৰন্ধু, বেদ চন্দ্র শকে শঙ্কৰ সংজ্ঞকঃ। নভাবং সমুৎস্যজ্য ভাদ্রে মাসি ত্যাগাৎপদং।” খ = ০; বাণ = ৫; বিশ্ব ৫; বেদ = ৪। বিন্দু = 0; বন্ধু =৯; বেদ = ৪; চন্দ্র = ১। ওপৰৰ শ্লোকৰ দাৰাই জনা গল যে, কলিৰ ৪৫৫০ অব্দত শঙ্কৰদেৱৰ জন্ম হৈছিল; আৰু ১৪৯০ শকত ভাদ মাহত তেওঁৰ বর্তমান কলিৰ গদ ৫০১২ ৪৫ ৫০ অব্দৰপৰা ৫০১২ লৈকে ৪৬২ বছৰ। শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকত ধৰিলে বর্তমান ১৮৩৩ শত ৪৬২ ৰছৰ হয় । এতেকে ১৩৭১ শকত তেওঁৰ জন্ম বুলি নিভুলকৈ প্রমাণিত হয়। কলিৰ ৩১৭৯ অই সম্ভৱতঃ শকাদিত্যৰ প্ৰথম শক। কলিযুগৰ প্ৰথম ৰজা যুধিষ্ঠিৰ। ১৫৬২ শকত কায়েথালি পুথি
মৃত্যু।