একাদশ অধ্যা। ভাৰতীয় প্ৰাদেশিক বৈষ্ণব সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল। আন আন ৰস প্ৰকাশক গীত-কবিতা আন আন সাহিত্যত বহুত আছে। কিন্তু বাৎসল্য ৰস প্ৰকাশক এনে ধৰণৰ গীতকবিতা নাই বুলিলেই হয়। বৈষ্ণব ইতিহাসত মহাৰাষ্টীয় ভক্ত তুকাৰামৰ গীতকেতবোৰত বাৎসল্য ৰস ফুটি ওলোৱা বুলি শুনা যায়। তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নথকাত সেই বিষয়ত কোনো মতামত দিব নোৱাৰি। কিন্তু বাৎসল) সতেই বৰগীতবোৰৰ বিচ এ ভাবৰ ওৰ পৰা •াই। পাৰিপাৰ্শ্বিক অবস্থা স্নেহাভিষিক্ত হলে সৰু ৰা এটিয়ে নেকৈ মুকলিমনেৰে নানান ধেমালি কৰিব পাৰে সেই সকলো- বোৰ ধেমালিৰেই ভক্তৰ মনত ললা কৌতুক হিছাপে গীতবোৰত ফুটি ওলাইছে। কৃষ্ণই কেতিয়াবা বা নটবৰ বেশে লগৰীয়া শৰীয়াবোৰৰ মাজত নাচিছে কেতিয়াবা বা গোৱালনীসকলে গীৰ লৱনু মাদি হাত দি তেওঁক নচুৱাই তৃপ্তি লাভ কৰিছে। ভক্ত কবিয়ে “ত্ৰিজগত পতিৰ ৰাখোৱল ৰূপৰ তুলনা নেই কেতিয়াবা তেওঁক গোৱালণীসকলৰ পুঞ্জীভূত প্ৰেম বুলি কল্পনা কৰিছে :- কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম। একপুঞ্জ হয়া আছে গোপিনীৰ প্ৰেম। সকল জগতে বোলে কানাই কালীয়া। কালা নোহে শ্যামৰূপ ধৰিছে অমিয়া। গোপীসকলৰ আলাসৰ লাৰু হলেও বিদ্যাপতি চণ্ডীদাস আদি কবি সকলৰ পদাবলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈধ
পৃষ্ঠা:Sankardev.djvu/১৫৭
অৱয়ব