১৫৪ আন প্ৰৱন্ধত দেখুৱা হৈছে যে বাৎসল্যপ্ৰেম মাধৱদেৱৰ ভক্তজীৱনৰ সৰ্বহ গীত, পদ, নাট সকলোবোৰতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশুচৰিত্ৰ সজীৱ কৰি তুলিছে। লৰা কৃষ্ণৰ লীলাক্ষেত্ৰ ব্ৰজ। আৰু লীলাখেলাৰ প্ৰধান প্ৰধান ভাৱৰীয়াসকল হৈছে যশোদাদেৱী, স্বয়ং কৃষ্ণ, দাম সুদাম আদি গৰীয়া লৰাবোৰ আৰু ৰাধিকা আদি গোৱালনী সকল। এই নিৰীহ প্ৰাণীসকলৰ স্নেহ আৰু ভক্তিৰ গুণত অপোনাআপনি মেৰ- পাক খাই পৰম পুৰুষে গৰীয়া লৰাৰ ভাও ধৰি নানা ৰঙ ধেমা- লীৰ অবতাৰণা কৰিছে। তীব্ৰ ভাস্বৎ সূৰ্যৰ পোহৰে পাত্ৰভেদে স্নিগ্ধ মধু কিৰণ বিলোৱাৰ দৰে পৰমপুৰুষে ও পাত্ৰভেদে এই কাজলা প্ৰাণীসকলৰ ভিতৰত সৰল মাধুৰ্য প্ৰকাশ কৰি সকলোৰে মন হৰণ কৰিছে পুৱাতেই পোদাদেবীয়ে কৃষ্ণক গৰু চৰাবলৈ জগাই দিয়ে। দাম শুদাম আদি গৰখীয়া সকলৰ লগত শকিয়াত ভাত বান্ধি লৈ গৰু চাৰি গধূলি উভতি আহি বনৰ পাতে গাটো কাটিলে বুলি মাকৰ আগত অভিমানকৈ একো নোখোৱাকৈ শুই থাকিবৰ দিহা কৰে। আথে বেথে মাকে আহি খীৰ, লনী আদি গাত ঘহি গাটো পূৰাই দিয়ে। কেতিয়াবা ভোক লাগিছে বুলি পেটত হাত বুলাই মাকৰ আগত কান্দে। কেতিয়াবা আকৌ আনৰ লগত পৰিয়াল কৰি মাকৰ ভয়ত লুকাই ফুৰে। ইত্যাদি নানা ধৰণৰ হুবহু শিশুচৰিত্ৰৰ কল্পনা নৈপুণ্যত বৰগীত বোৰে কবিতা হিছাবে জগতৰ কাব্য সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে।
পৃষ্ঠা:Sankardev.djvu/১৫৬
অৱয়ব