সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভৰাচাৰ্যৰ মুখে শঙ্কৰদেৱৰ গুণ গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ আহি বাটত খৰি- কটীয়া ভকত কেতবোৰৰ মুখত “মন মেৰি ৰাম চৰণহি লা” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি সেই খৰিকটীয়াসকলৰ নিৰ্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদপ্ৰান্তত উপস্থিত হল হি। ৰামৰায় আতাৰ কন্যা কমপ্ৰিয়া দেবীৰ মুখত “পামৰ মন কামচৰণে চিত্ত দেহ” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰাম দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁত শৰণ প্ৰাৰ্থনা কৰে। শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰা দেৱানে শঙ্কৰদেৱৰ বৈষ্ণব ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল সেইটো ইতিহাসৰ কথা। ৰচনাৰ মাধুৰ্য আৰু ভাবৰ গান্তীৰ্যৰ লগে লগে বৰগতবোৰ লোকপ্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধবদেৱৰ সুগায়কত্ব। মাধবদেৱ এফালে যেনে মৰ্মস্পৰ্শী কবি আন ফালে তেনে মনো- মুগ্ধকাৰী সুগায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীত নৈপুণ্যক লক্ষ্য কৰি কোৱা আছে যে তেওঁ আগৰ জন্মত গন্ধ আছিল। আৰু পুৰণি কালত এনে এটি সময় আহিছি যে ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোন গীতেই ভক্ত সমাজত গৃহীত নহৈছিল। সেই কাৰণে দেখা যায় ৰাতিখোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহবিচাৰৰ গীতবোৰৰ ভণিতাতত মাধবদেৱৰ নাম আছে। আজিকালিও গাৱলীয়া মানুহবোৰে গত ৰচনা কৰি কেতিয়াবা কেতিয়াবা কহৰ মাধৱ দাসে” বুলি ভণিতা পেলায়।